নতুন দিল্লী ষ্টেচন চৌহদত এগৰাকী ৩০ বছৰীয়া যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ সৈতে জড়িত ৪জন ৰেʼলৱে কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি আটক কৰা আটাইকেইজনেই ৰেʼলৱেৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী।
যোৱা বৃহস্পতিবাৰে নিশা নতুন দিল্লী ৰেʼলৱে ষ্টেচনৰ এক নম্বৰ প্লেটফৰ্মত থকা ইলেক্ট্ৰিকেল মেইণ্টেনেন্স ষ্টাফ ৰুমত দুজন ৰেʼলকৰ্মীয়ে যুৱতীগৰাকীক যৌন নিৰ্যাতন চলাইছিল। ইয়াৰ লগতে ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে দুয়োৰে বিৰুদ্ধে। বাকী দুজনে উক্ত কোঠাটোৰ বাহিৰত পহৰা দি থিয় হৈ আছিল।
চাৰি অভিযুক্তৰ ভিতৰত আছে সতীশ কুমাৰ (৩৫), বিনোদ কুমাৰ (৩৮), মংগল চন্দ্ৰ (৩৩) আৰু জগদীশ চন্দ্ৰ (৩৭)। ৰেʼলৱেৰ ডি চি পি হৰেন্দ্ৰ সিঙে জনোৱা মতে, যুৱতী গৰাকীয়ে পুৱা প্ৰায় ৩.৩০ বজাত আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি যুৱতীগৰাকীৰ ঘৰ হাৰিয়ানাৰ ফৰিদাবাদত। দুবছৰ আগতে তেওঁৰ বিবাহ বিচ্ছেদ হৈছিল।
যুৱতীগৰাকীয়ে কাম বিচাৰি আছিল। তাৰ ওপৰত ভিত্তি কৰি তেওঁ এজন সাধাৰণ বন্ধুৰ জৰিয়তে অভিযুক্ত সতীশৰ সৈতে যোগাযোগ কৰিছিল। সতীশে নিজেই যুৱতীগৰাকীক ৰেʼলৱেত চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল। ঘটনাৰ দিনা সতীশে যুৱতীগৰাকীক ফোন কৰি পুত্ৰৰ জন্মদিনৰ পাৰ্টিলৈ মাতিছিল। ইয়াৰ পিছতে নিশা প্ৰায় ১০.৩০ বজাত কীৰ্তি নগৰ মেট্ৰ’ ষ্টেচনত সতীশক সাক্ষাৎ কৰে যুৱতীগৰাকীয়ে।
তাৰ পৰা সতীশে যুৱতীগৰাকীক লৈ নতুন দিল্লী ষ্টেচনলৈ যায়। তাত আৰু তিনিজন অভিযুক্ত ৰৈ আছিল। ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ দুঘণ্টাৰ ভিতৰতে ৪ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। দিল্লীৰ আদালতে গ্ৰেপ্তাৰ কৰা লোককেইজনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।