উত্তৰ প্ৰদেশ চৰকাৰক তেওঁৰ যাৱতীয় সম্পত্তি দান কৰিলে এজন চিকিৎসকে। মোৰাদাবাদৰ চিকিৎসক অৰবিন্দ গোৱেলৰ ইচ্ছা, সেই ধনেৰে ৰাজ্য চৰকাৰে দৰিদ্ৰ ৰাইজৰ বাবে কাম কৰক।
গোৱেলৰ সম্পত্তিৰ মূল্য প্ৰায় ৬০০ কোটি টকা।
লকডাউনৰ সময়ছোৱাত মোৰাদাবাদৰ ৫০খন গাঁৱৰ দায়িত্ব লৈছিল গোৱেলে।
গাঁওকেইখনৰ দৰিদ্ৰ জনসাধাৰণক তেওঁ বিনামূলীয়াকৈ সকলো ধৰণৰ সেৱা আগবঢ়াইছিল। লগতে সমগ্ৰ ৰাজ্যৰ দৰিদ্ৰ লোকসকলক বিনামূলীয়া চিকিৎসা সেৱা আৰু শিক্ষা প্ৰদান কৰিছিল। ইয়াৰ পূৰ্বে গোৱেলক ৪ বাৰকৈ ৰাষ্ট্ৰপতি বঁটাৰে সন্মানিত কৰা হৈছিল।
চিকিৎসকগৰাকীয়ে এই বঁটা লাভ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, প্ৰতিভা পাটিল, এ পি জে আব্দুল কালামৰ পৰা। গোৱেলৰ পত্নী ৰেণুৰ লগতে এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।