‘ভূপেন বৰাৰ নিজৰৰে ভোট নাই, ভোট বিহীন ব্যক্তিয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত মূৰ ঘূৰাব নালাগে’- এই মন্তৱ্য এ আই ইউ ডি এফ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ।
ৰাষ্ট্ৰপতি নিৰ্বাচনত এআইইউডিএফে এন ডি এ প্ৰাৰ্থী দ্ৰৌপদী মূৰমূক ভোট দিব বুলি কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা বিস্ফোৰণ অভিযোগক উভতি ধৰি বিধায়ক ৰফিকুল ইছলামে কয়-AIUDFৰ সভাপতি ভূপেন বৰা নহয়, ৰফিকুল ইছলামে কত ভোট দিব কোৱা কৰ্তৃত্ব নাই বৰা।ভূপেন বৰা AIUDFৰ 15 জন বিধায়কৰ মালিক নেকি বুলিও প্রশ্ন কৰে।
ভূপেন বৰাই নিজৰ দলৰ বিধায়কক যশৱন্ত সিনহাক ভোট দিয়া ব্যৱস্থা কৰক।আমাৰ ১৫ বিধায়ক, ১জন সাংসদৰ ভোট বিৰোধী সমৰ্থিত প্ৰাৰ্থীক প্ৰদান কৰিম- AIUDFৰ বিধায়ক ইছলামে কয়।
আনহাতে ৰফিকুল ইছলামে কত ভোট দিম কেনেকৈ জানে ভূপেন বৰাই বুলি প্রশ্ন কৰি তেওঁ কয়- কংগ্ৰেছে বেলেগৰ বেয়া কামনা কৰি কৰি গোটেই দেশত শূণ্য হৈ পৰিছে।কংগ্ৰেছৰ অসমত টিম-টিমা-টিম বাতি জ্বলিছে- হাফিজ ৰফিকুল ইছলামে কয়।উল্লেখ অহা ২৮জুলাইত অনুষ্ঠিত হব ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ।