‘অসংসদীয়’ শব্দত লেকাম লগোৱাৰ পিছত এইবাৰ ধর্না দিয়াতো আপত্তি প্রকাশ কেন্দ্ৰৰ। ৰাজ্যসভাৰ সচিব প্ৰধানে জানিবলৈ দিয়ে যে সংসদৰ সীমাৰ ভিতৰত ধর্না, প্রতিবাদ আৰু অনশনত বহিব নোৱাৰিব। ইফালে এই লৈ তুমুল কটাক্ষ কৰিছে সর্বভাৰতীয় কংগ্রেছ কমিটিৰ সচিব জয়ৰাম ৰমেশে।
সংসদৰ নতুন বুলেটিন দাঙি ধৰি টুইটাৰত তেওঁ লিখিছে, ‘বিশ্বগুৰুৰ নতুন চৰ্ত, ধর্না মানা হ্যায়।’ ধর্নাত বহা বাৰণ কৰা কথাটিকেই বলিউড ছবি ‘ডৰনা মানা হ্যায়’ৰ লেখীয়াকৈ কয় তেওঁ।
আনফালে বৃহস্পতিবাৰে এখন পুস্তিকা প্রকাশ কৰে ৰাজ্যসভাৰ সচিবালয়ে। তাত বহু শব্দক অসংসদীয় বুলি কোৱা হৈছে। এনেদৰেই বহু শব্দত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যি বহুল ব্যৱহৃত। এই নতুন পদক্ষেপক লৈ কটাক্ষ কৰে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে।
টুইট কৰি এখন ছবি দি ৰাহুলে কেপচনত লিখে, ‘নতুন ভাৰতৰ কাৰণে নতুন অভিধান।‘ ছবিখনত ‘অসংসদীয়’ শব্দৰ অর্থ লিখা আছে, ‘যিবোৰ শব্দই প্রধানমন্ত্রীৰ চৰকাৰ চলোৱা ব্যৱস্থাটোকে সঠিকভাবে বর্ণনা কৰে, ইয়াত সেইবিলাক শব্দ নিষিদ্ধ কৰি দিয়া হৈছে।’
ৰাহুলৰ এই টুইট ইতিমধ্যেই ভাইৰেল হৈ পৰিছে। বহুতেই শ্বেয়াৰ কৰিছে। লোকসভা সচিবালয়ে হঠাৎ লোৱা এই সিদ্ধান্তত ক্ষোভ প্রকাশ কৰিছে তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক ও’ব্রায়েনে।
লগতে ১৮ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিবেশন। কিন্তু তাৰ আগতেই বহু শব্দ যাৰ প্ৰায়ভাগেই বিশেষণ হিচাবে ব্যৱহাৰ হয়, সেইবোৰ কোৱা নিষিদ্ধ কৰা হৈছে।