ৰাজনীতৰ কাৰণে ইতি পৰিছিল প্ৰথম বিয়াৰ। প্রথম পত্নীৰ লগত বিচ্ছেদৰ পাছত পুনৰ নতুনকৈ সংসাৰ পাতিব ওলাইছে পঞ্জাবৰ মুখ্যমন্ত্রী তথা আম আদমি পার্টি (আপ)-ৰ নেতা ভগৱন্ত মানে।
বৃহস্পতিবাৰে চণ্ডীগড়ৰৰ মুখ্যমন্ত্রী আবাসত বিয়া পাতিব মানে। পাত্রী গুৰপ্রীত কৌৰ মানৰ প্রাক্তন লোকসভা সমষ্টি ছঙ্গৰুৰ চিকিৎসক। মানৰ ঘনিষ্ঠ মহলৰ সূত্রৰ খবৰ মতে, আপ প্রধান অৰবিন্দ কেজৰীবালসহ কেইজনমান অতিথিৰ লগতে পৰিয়ালৰ সদস্যৰ উপস্থিতিত হ’ব অনাড়ম্বৰ বিবাহ অনুষ্ঠান। প্রাক্তন গায়ক তথা কৌতুকাভিনেতা মানে ব্যক্তিগতভাবে বিয়াৰ সমস্ত খৰচ বহন কৰিব।
৪৮ বছৰীয়া ভগৱন্ত মানৰ প্রথম বিয়া ভাঙিছিল প্রায় ৬ বছৰ আগেয়ে। প্রথম পত্নী আৰু দুই সন্তান এতিয়া আমেৰিকাত থাকে।
৪৮ বছৰীয়া মানৰ প্রথম বিয়া ভাঙিবৰ প্রায় ছয় বছৰ হ’ল। আপ সূত্রৰ খবৰ মতে, ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ছঙ্গৰুৰ পৰা বিজয়ী হোৱাৰ পিছত মানে পেছা এৰি সকলো সময়ৰ কাৰণে ৰাজনীতি কৰাৰ সিদ্ধান্ত লয়। সেই সময়ত তেওঁৰ পত্নীয়ে তাত আপত্তি জনাইছিল। তাৰ কাৰণেই বিবাহ বিচ্ছেদ হয় তেওঁলোকৰ মাজত।