স্বামী মুখ্যমন্ত্রী হৈছে। তাৰ বাবে আনন্দত উৎফুল্লিত পত্নী। মুখ্যমন্ত্রী হোৱাৰ পিছত প্রথমবাৰ থাণেৰ নিজ ঘৰলৈ উভতি আহিছে একনাথ শিন্দে। মঙ্গলবাৰে তেওঁ ঘৰলৈ উভতি অহাৰ সময়ত ড্রাম বজাই স্বামীক স্বাগতম জনালে পত্নী লতা একনাথ শিন্দেয়ে।
স্বামী একনাথ শিন্দেক স্বাগতম জনাবলৈ তেওঁৰ পত্নীয়ে মহাসমাৰোহৰ আয়োজন কৰে। বেণ্ড পার্টি, ড্রাম সকলো আছিল। কিন্তু চমকপ্ৰদ আছিল, পত্নীৰ ড্রাম বজাই স্বামীক অভ্যর্থনা জনোৱা বিষয়টোহে। লতা শিন্দেৰ ড্রাম বজোৱাৰ ভিডিও ইতিমধ্যে ভাইৰেল হৈছে।
উল্লেখ্য, মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ ঘটনাৰ প্রায় তিনি সপ্তাহ পিছত ঘৰলৈ উভতিছে শিন্দে। বিদ্রোহী শিবিৰৰ নেতা শিন্দে অসমতো আছিল। লগত আছিল শিৱসেনাৰ বাকী বিদ্রোহী বিধায়কসকল। অৱশেষত যোৱা সপ্তাহত তেওঁ মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী পদত শপত গ্ৰহণ কৰে।
মঙ্গলবাৰে নিশা প্রায় ৯.৩০ বজাত থাণেত উপস্থিত হয় শিন্দে। আনন্দনগৰত শিন্দেৰ অনুৰাগীসকলে তেওঁক আদৰণি জনাবলৈ উপস্থিত হয়। ধাৰাষাৰ বৰষুণৰ মাজতো তেওঁলোকে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰে শিন্দেৰ কাৰণে। তেওঁ উপস্থিত হোৱাৰ লগে লগে আবেগৰ বিচ্ছুৰণ ঘটে।
তেওঁলোকে শিন্দেৰ গাড়ীত পুষ্প বৃষ্টি কৰে। উল্লেখ্য, একনাথ শিন্দেৰ ৰাজনৈতিক কেৰিয়াৰৰ সফলতাৰ পিছত বহু অৱদান আছে পত্নী লতাৰ। শিন্দে যেতিয়া অটোচালক আছিল, তেতিয়াই আলোচনা কৰিছিল পত্নীৰ লগত। তেওঁলোকৰ তিনি সন্তান। তিনিটা ল’ৰাৰ দুজনৰ নৌকা দুর্ঘটনাত মৃত্যু হয়। স্বামীক অৱসাদৰ পৰা উদ্ধাৰ কৰি ৰাজনীতিৰ জগতত প্রবেশ কৰায় লতাই।