মুছলিম ধর্মগুৰুক হত্যাৰ ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে মহাৰাষ্ট্রৰ নাচিকত। ৩৫ বছৰৰ ধর্মগুৰুজন আফগানিস্তানৰ নাগৰিক। মঙ্গলবাৰে সন্ধিয়া নাচিকৰ ইয়োলা টাউনত অজ্ঞাত পৰিচয়ৰ চাৰিটা দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে ধর্মগুৰু খোৱাজা চৈয়দ চিস্তিক।
তেওঁ ‘চুফি বাবা’ হিচাবে পৰিচিত আছিল। হত্যাৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই। জানিব পৰা মতে, আততায়ীয়ে ধর্মগুৰুজনৰ মূৰলৈ লক্ষ্য কৰি কেইবাটাও গুলী চলায়। ঘটনাস্থলীতেই প্ৰাণত্যাগ কৰে ‘চুফী বাবা’ই। হত্যাৰ পিছত ধর্মগুৰুজনৰ গাড়ী লৈয়েই তাৰ পৰা উধাও হয় দুষ্কৃতিকাৰী।
আৰক্ষীয়ে ইতিমধ্যে হত্যাৰ অভিযোগ দাখিল কৰিছে। আততায়ীক বিচাৰি অনুসন্ধান চলোৱা হৈছে । হত্যাৰ ঘটনাৰ মূল অভিযুক্ত হিচাবে ‘চুফী বাবা’ৰ গাড়ীচালকজনক আটক কৰি জেৰা কৰা হৈছে। জানিব পৰা মতে, নাচিকৰ ইয়োলা টাউনত কিছু বছৰ ধৰি বসবাস কৰি আছিল ‘চুফী বাবা’ই।
অৱশ্যে তেওঁৰ মৃত্যুৰ আঁৰত কোনো ধর্মীয় কাৰণ নাই বুলি জনাইছে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা মতে, স্থানীয় মানুহৰ সহযোগিতাত ‘চুফী বাবা’ই এটুকুৰা মাটি কিনিছিল। সেই মাটিক কেন্দ্ৰ কৰিয়ে হোৱা বিবাদৰ কাৰণেই উক্ত হত্যাকাণ্ড হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।