মেট্ৰিকত প্ৰথম বিভাগত স্থান লাভ কৰা মেধাৱী ছাত্ৰী সকলক প্ৰদান কৰা ৰঙা স্কুটিত এইবাৰ উদ্ধাৰ কৰা হৈছে ড্ৰাগছ। ৰঙিয়াত এই ঘটনা সংঘটিত হৈছে। ছাত্ৰী সকলক প্ৰদান কৰা ৰঙা স্কুটিত ১৮ টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকছত কামৰূপ আৰু ৰঙিয়া আৰক্ষীৰ যুটীয়া অভিযানত প্ৰায় ২.৫০ কোটি টকাৰ হেৰ’ইন সহ আটক হয় সৰবৰাহকাৰী ছফিকুল ইছলাম। জব্দকৃত হেৰ’ইনৰ ওজন হৈছে ৩১০ গ্ৰাম।
ছফিকুল আলী ৰঙিয়াৰ তেতেলীগুড়িৰ বুলি জানিব পৰা গৈছে। স্কুটি খনৰ নম্বৰ AS 12N 5828। গোপন তথ্যৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, এই ঘটনাই প্ৰমাণ কৰে যে, ৰাজ্যৰ শিক্ষানুস্থান সমূহৰ শিক্ষাৰ্থী সকলক ড্ৰাগছ সৰবৰাহকাৰীয়ে টাৰ্গেট কৰি লৈছে।