দেশজুৰি পুনৰ উদ্বেগ বাঢ়িছে কৰোনাৰ। মঙ্গলবাৰে দেশত কোভিড সংক্রমণৰ সংখ্যা ১৩ হাজাৰৰ ভিতৰত থাকিলেও বুধবাৰে সেই সংখ্যা ১৬ হাজাৰৰ সীমা পাৰ কৰিছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত কোভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে ১৬,১৫৯। মঙ্গলবাৰে এই সংখ্যা আছিল ১৩,০৮৬।
সম্প্রতি দেশৰ ১০খন ৰাজ্যত কৰোনা ভাইৰাছৰ নতুন ৰূপ বিএ.২.৭৫ ধৰা পৰিছে বুলি দাবী কৰিছে ইজৰাইলৰ এজন বিজ্ঞানীয়ে। মহাৰাষ্ট্র, দিল্লী, পশ্চিমবঙ্গ, হাৰিয়ানা, উত্তৰ প্রদেশ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্রদেশ, কর্নাটক, মধ্যপ্রদেশ, তেলেঙ্গানাত কৰোনাৰ এই নতুন প্রজাতিৰ সন্ধান পোৱা গৈছে। ইতিমধ্যে দেশত ৬৯ জন এই ৰূপত সংক্রমিত হৈছে।
অন্যহাতে, ৰাজ্যভিত্তিক কোভিড পৰিস্থিতিৰ ফালে লক্ষ্য কৰিলে দেখা যায় যে দৈনিক সংক্রমণৰ তালিকাত মহাৰাষ্ট্র এতিয়াও শীর্ষত আছে। মহাৰাষ্ট্ৰত যোৱা ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা ৩,০৯৮। সংক্রমণৰ ক্ষেত্ৰত কেৰালাৰ কাষ চাপিছে তামিলনাডু। যোৱা ২৪ ঘণ্টাত তামিলনাডুত দৈনিক সংক্রমিতৰ সংখ্যা ২,৬৬২। ইয়াৰ উপৰি আছে কেৰালা (২,৬০৩), পশ্চিমবঙ্গ (১,৯৭৩), কর্নাটক (৮৩৯) আৰু দিল্লী (৬১৫)।
কোভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত কোভিডত আক্রান্ত হৈ মৃত্যুৰ সংখ্যাও বাঢ়িছে। দেশত ২৪ ঘণ্টাত মৃত্যু হৈছে ২৮ জনৰ। ইয়াৰ ভিতৰত মহাৰাষ্ট্র আৰু কেৰালাত ছয়জন, ৰাজধানী আৰু পশ্চিমবঙ্গত তিনিজন, গোৱা আৰু কর্নাটকত দুজন লগতে পঞ্জাব, হাৰিয়ানা, মধ্যপ্রদেশ, ৰাজস্থান, তামিলনাডু আৰু উত্তৰ প্রদেশত এজনৰ মৃত্যু হৈছে।
মঙ্গলবাৰে কোভিডত আক্রান্ত হৈ মৃত্যুৰ সংখ্যা আছিল ১৯। পৰিসংখ্যা অনুযায়ী, কোভিডত আক্রান্ত হৈ ভাৰতত মৃত্যুৰ সংখ্যা বৃদ্ধি পাই হৈছে ৫ লাখ ২৫ হাজাৰ ২৭০। যোৱা ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ বাঢ়ি হ’ল ৩.৫৬ শতাংশ। মঙ্গলবাৰে দৈনিক সংক্রমণৰ এই হাৰ আছিল ২.৯০ শতাংশ।