ডিফুৰ ছেৰলাংজনৰ বোৱাৰী ডিমি হাঞ্চেপীয়ে মিছেছ ইউনিভাৰ্ছেল ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰি পাহাৰীয়া জিলা কাৰ্বি আংলংঙলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এগৰাকী গৃহিণী হোৱা স্বত্বেও সুদুৰ কলকাতাত অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলংঙৰ পৰা গৈ চলিত মাহৰ তিনি জুলাইত কলকাতাত মিছেছ ইউনিভাৰ্ছেল ইণ্ডিয়াৰ ৰেম্পত কেট’ৱাক কৰি চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।
আজি ডিফুত উপস্থিত হোৱা ডিমি হাঞ্চেপীক ডিফুৰ একাংশ সাংবাদিক আৰু যুৱকে উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰে। ডিমি হাঞ্চেপীয়ে ইতিমধ্যে কেইবাটাও সুন্দৰী আৰু ফেশ্বন শ্ব’ অনুষ্ঠানত বিচাৰকৰ দায়িত্ব নিৰ্বাহ কৰাৰ লগতে পৰৱৰ্তী মিছেছ ইউনিভাৰ্ছেল ইণ্টাৰনেছনেলৰ খিতাপৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জানিবলৈ দিছে।
ডিমি হাঞ্চেপীৰ সৰুৰে পৰা সুন্দৰী প্ৰতিযোগীতাৰ বাবে আগ্ৰহী আছিল বুলি কয়। কলকাতাত ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰতিযোগিৰ সৈতে প্ৰতিদ্বন্ধিতা কৰি মিছেছ ইউনিভাৰছেল ইণ্ডিয়াৰ মুকুট পৰিধান কৰিবলৈ সক্ষম হয় ৷ আজি হোটেল সিংহাসনত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত ডিমি হাঞ্চেপী খিতাপ লাভ কৰা ট্ৰফি, ডেৰ লাখ টকাৰ চেক আৰু প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰে।