পৰিচালক এছ এছ ৰাজামৌলীয়ে ইতিমধ্যে “বাহুবলী” আৰু “আৰআৰআৰ” চলচ্চিত্ৰ নিৰ্মাণ কৰি মানুহক তেওঁৰ অনুৰাগী কৰি তুলিছে। দৰ্শকে তেওঁৰ পৰৱৰ্তী প্ৰকল্পৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। আমি তেওঁৰ অনুৰাগী সকলৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ, ৰাজামৌলীয়ে তেওঁৰ আন এখন চলচ্চিত্ৰৰ ঘোষণা কৰিছে। ৰাজামৌলীয়ে এইবাৰ মহাকাব্য মহাভাৰতৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ গৈ আছে। মহাভাৰতক লৈ আজিলৈকে বহুতো টিভি ধাৰাবাহিক নিৰ্মাণ কৰা হৈছে, কিন্তু কোনেও কেতিয়াও চিনেমা নিৰ্মাণ কৰিবলৈ সাহস কৰা নাই।
এছ এছ ৰাজামৌলীয়ে অলপতে মিণ্টক দিয়া এক সাক্ষাৎকাৰৰ সময়ত তেওঁৰ এই প্ৰকল্পটোৰ বিষয়ে ঘোষণা কৰিছে। বাৰ্তালাপৰ সময়ত তেওঁ ছবিখনৰ বাবে তেওঁৰ পৰিকল্পনাৰ বিষয়ে লগতে কয় যে, “ভাৰতীয় মহাকাব্যক ডাঙৰ পৰ্দালৈ অনাৰ বাবে মহাভাৰততকৈ ভাল একো হ’ব নোৱাৰে।” ৰাজামৌলীয়ে কয় যে, “মহাভাৰতৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাটো মোৰ সপোনৰ প্ৰকল্প, যিটোত মই দীৰ্ঘদিন ধৰি কাম কৰি আহিছোঁ। মই ইয়াক ডাঙৰ আৰু উন্নত কৰিব বিচাৰো আৰু সমগ্ৰ বিশ্বক ভাৰতীয় কাহিনী দেখুৱাব বিচাৰো।” অৱশ্যে, তেওঁ লগতে কয় যে এই মুহূৰ্তত ইয়াৰ ওপৰত কাম আৰম্ভ কৰিবলৈ দীঘলীয়া সময় লাগিব। মহাভাৰত নিৰ্মাণ কৰাৰ আগতে, তেওঁ তিনি-চাৰিখন চলচ্চিত্ৰত কাম কৰিব।
ৰাজামৌলীৰ এই ঘোষণাৰ পিছৰে পৰা, দৰ্শকসকল ছবিখনক লৈ অতি উৎসাহিত। বাহুবলী পৰিচালকে ছবিখনৰ তাৰকা কলা-কুশলীসকলৰ বিষয়ে একো প্ৰকাশ কৰা নাই বা তেওঁ ছবিখনৰ বাজেট সম্পৰ্কে একো কোৱা নাই। কিন্তু এটা কথা নিশ্চিত যে যেতিয়াই ৰাজামৌলীৰ এই ছবিখন আহিব, ই বক্স অফিচত বিস্ফোৰণ ঘটাব আৰু ৰেকৰ্ডৰ ক্ষেত্ৰত, ই ইতিহাস সৃষ্টি কৰিব।