ডিফুৰ আৰক্ষীৰ জালত পৰিছে এটা নগা পেছাদাৰী চোৰ। আৰক্ষীৰ সুত্ৰে জানিব পৰা অনুসৰি আজি আজি পুৱা বোকাজান চিচিআইৰ টাউনশ্বীপ কোৱাৰ্টাৰ নং ১৯ত এটা চুৰক হাতে-লোটে কৰায়ত্ব কৰি বোকাজান আৰৰীক চমজাই দিয়ে।
ধৃত চুৰটোৱে বোকাজান আৰক্ষীৰ জেৰাত কয় যে, যোৱা ৪ মে’ত ডিফুৰ ৰংমাজং এঘৰত চুৰি কৰাৰ চেষ্টা কৰাৰ লগতে যোৱা ২২ জুনত ডিফুৰ ৰংপাংবং ৭ নং ৱাৰ্ডৰ এঘৰত চুৰি কাৰ্য্য সংঘটিত কৰা বুলি জনাইছে।
এইমৰ্মে আজি ডিফু আৰক্ষীয়ে চুৰটোক জিম্মাত লয় আৰু ৰংপাং ৭ নং ৱাৰ্ডৰ ৰূপছিং টিচৰ এজাহাৰৰ ভিত্তিত ডিফু থানাৰ ভাঃদঃবিঃ আইনৰ ৩৭৯ ধাৰাত ৫২/২২ নম্বৰৰ এক গোচৰ ৰুজো দি পুণৰ বোকাজান আৰক্ষীৰ চোৰটোক চমজাই দিয়ে।
ৰূপছিং টিচ’বে এজাহাৰত উল্লেখ কৰা অনুসৰি ধৃত চুৰটোৱে ২২ জুনৰ দিনা ঘৰত কোনো নথকাৰ সুযোগ লৈ খিৰিকীৰে তেওঁলোকৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ঘৰৰ কেইবাটাও আলমাৰিৰ তলা ভাঙি সোণৰ লগতে নগদ ধন চুৰ কৰিছিল ৷
আনহাতে, আৰক্ষীৰ আগত চুৰটোৱে স্বীকাৰ কৰিছিল যে, চুৰটোৱে ডিফুৰ হোটেল গেষ্ট হাউচ আদিত থাকি দীৰ্ঘদিনৰ পৰাই চুৰিকাৰ্য চলাইছিল। ধৃত চুৰটো ডিমাপুৰৰ আলেনুংছাৰ চাংচাৰ ওৰফে এলেক্স ক্ৰ। ধৃত পেছাদাৰী চুৰটোৰ পৰা দুটাকৈ আধাৰ কাৰ্ডো আৰক্ষীয়ে উদ্ধাৰ কৰে।