চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকলাই অলপতে তেওঁৰ এখন তথ্যচিত্ৰ ‘কালী” ৰ পোষ্টাৰ শ্বেয়াৰ কৰিছিল, যাৰ পিছত তেওঁক দৰ্শকে যথেষ্ট হাৰত ট্ৰোল কৰিবলৈ আৰম্ভ কৰিছে। চলচ্চিত্ৰ নিৰ্মাতা গৰাকীৰ তথ্যচিত্ৰ ‘কালী’ ৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে।
পোষ্টাৰখনত মা কালীক দেখুওৱা হৈছে, য’ত তেওঁ চিগাৰেট সেৱন কৰাৰ লগতে এখন হাতত LGBTQ সম্প্ৰদায়ৰ এখন পতাকা লৈ আছে। এই পোষ্টাৰে হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ অনুভূতিক দুখ দিছে। বহুলোকে এই বিষয়ে সামাজিক মাধ্যমত তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।
Every day H!ndu religion is mocked, Is govt. testing our patience ??
Dear @AmitShah @HMOIndia @PMOIndia @DrSJaishankar @MEAIndia Please don't forget how we were questioned for hurting religious sentiments & needful action must be taken.https://t.co/8W3SBR3FZj
— दलीप पंचोली🇮🇳(मोदी का परिवार) (@DalipPancholi) July 3, 2022
এই ছবিখনৰ পোষ্টাৰ আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত, ছ’চিয়েল মিডিয়াত ৰাইজৰ খং যথেষ্ট বাঢ়িছে। বহুত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লীনাক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে, “এৰেষ্ট লিনা মণিমেকলাই” শীৰ্ষক এটা হেছটেগ টুইটাৰত ট্ৰেণ্ডিঙত আছে।
সাংবাদিক শুভংকৰ মিশ্ৰাই লিখিছে, “চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকলাইৰ আহিবলগীয়া তথ্যচিত্ৰখনত মা কালীয়ে LGBTQ সম্প্ৰদায়ৰ পতাকা বাহক হিচাপে চিগাৰেট সেৱন কৰা দেখা গৈছে। এইটো অত্যন্ত নিন্দনীয় আৰু দেশৰ কোটি কোটি লোকৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিবলৈ গৈ আছে।”
आवाज़ मत कीजिए, “शांति” भंग हो जाएगी 😏😒 pic.twitter.com/L2oPdrXfcV
— Shubham Sharma (@ShubhirajSharma) July 3, 2022
উল্লেখ্য যে, এই তথ্যচিত্ৰখন প্ৰথমবাৰৰ বাবে আগা খান সংগ্ৰহালয়ত দেখুওৱা হৈছিল। ইয়াক ‘ৰিদম অফ কানাডা’ৰ অংশ হিচাপে দেখুওৱা হৈছিল। এই তথ্যটো লিনাই নিজেই তাইৰ সামাজিক মাধ্যম একাউণ্টৰ জৰিয়তে দিছিল।