পুনে-বাংগালৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কলহাপুৰ জিলাৰ কিনি গাঁৱত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। নতুন গাড়ী কিনি মন্দিৰত পূজা আগবঢ়াবলৈ যোৱা ত্ৰিলেশ কুমাৰ চিয়ে দুৰ্ঘটনাত পতিত হৈ প্ৰাণ গ’ল পিতৃ আৰু পুত্ৰ-কন্যাৰ।
মাত্ৰ ডেৰ মাহ পূৰ্বে লোৱা এইছউভি বাহন এখন লৈছিল পৰিয়ালটোৱে। শনিবাৰে শিৰদি অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনে ৰাষ্টাত ৰখাই থোৱা কণ্টেইনাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাত ত্ৰিলেশ (৪২)ৰ লগতে কন্যা সঞ্জনা মহেশ্বৰী (২৭) আৰু পুত্ৰ জিথ্যা ত্ৰিলেশ (১১)ৰ থিতাতে মৃত্যু ঘটে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ত্ৰিলেশৰ পত্নী অৰিণী এন।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এপিআই ভীমগোন্দা পাটিলৰ অধীনৰ বডগাঁও আৰক্ষী থানাৰ আৰক্ষী দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। কিনি টোল প্লাজাৰ স্থানীয় লোক আৰু কৰ্মচাৰীৰ সহায়ত আহত মহিলাগৰাকীক কলহাপুৰৰ চিপিআৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।