বিগত বৰ্ষত নাৰ্কোটিক্স ব্যুৰো (এনচিবি)ৰ পৰা ক্লিন চিট লাভ কৰা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে শেহতীয়াকৈ এনডিপিএছৰ বিশেষ আদালতত এখন আবেদন পত্ৰ দাখিল কৰিছে। তেওঁ নিজ আবেদনত পাছপোৰ্ট বিচাৰে।
আৰিয়ান খানে তেওঁৰ পাছপোৰ্ট বিচাৰি তেওঁৰ অধিবক্তা সকলৰ জৰিয়তে ৩০ জুলাইত বিশেষ আদালতত এখন আবেদন পত্ৰ দাখিল কৰিছিল। আবেদনখনত আৰিয়নৰ হৈ কোৱা গৈছে যে এনচিবিৰ ওচৰত তেওঁৰ বাবে কোনোধৰণৰ অভিযোগপত্ৰ নাই, সেয়েহে তেওঁৰ পাছপোৰ্ট ঘূৰাই দিব লাগে।
বলীউডৰ কিং খানৰ পুত্ৰ আৰিয়ান খানক যোৱা বছৰ ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু প্ৰমাণ নোহোৱাৰ বাবে এনচিবিয়ে আৰিয়নকে ধৰি পাঁচজন লোকক অব্যাহতি দিব লগা হৈছিল। আৰিয়ন খানে জামিন ৰায়ৰ অধীনত তেওঁৰ পাছপোৰ্ট আদালতত দাখিল কৰিছিল। যাতে তেওঁলোকে মুম্বাই আৰু দেশৰ বাহিৰলৈ যাব নোৱাৰে। এতিয়া, আৰিয়ন খানে তেওঁৰ অধিবক্তা সকলৰ জৰিয়তে অভিযোগপত্ৰ খনত উল্লেখ কৰি তেওঁৰ পাছপোৰ্ট ঘূৰাই দিবলৈ বিচাৰিছে।