অসমীয়া ছবি তথা সাংস্কৃতিক জগতৰ বাবে এক দুখজনক খবৰ। জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু নাই।ৰাজ্যৰ অনুৰাগী তথা শুভাকাংক্ষীক কন্দুৱাই তেনেই কম বয়সতে গুচি গ’ল এইগৰাকী প্ৰতিভাৱান অভিনেতা। উল্লেখ্য, চেন্নাইত চিকিৎসাধীন হৈ আছিল কিশোৰ দাস। দুৰাৰোগ্য ব্যাধিয়ে অকালতে কাঢ়ি নিলে কিশোৰ দাসক।
কৰ্কট ৰোগত দীৰ্ঘদিন ধৰি ভুগি থকা কিশোৰ দাসৰ চিকিৎসা চলি আছিল গুৱাহাটীৰ হেলথ চিটি হস্পিটেলত। তাৰ পৰা তেওঁক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়া হয়। মুম্বাইৰ পৰা তেওঁক চেন্নাইলৈ প্ৰেৰণ কৰে। কিন্তু নিয়তিৰ ওচৰত হাৰ মানি চেন্নাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে জীৱনৰ অভিনয় সামৰে কিশোৰ দাসে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ২৮ বছৰ।
অভিনয় জগতত খোজ পেলাই অতি কম বয়সতে জনপ্ৰিয়তা অর্জন কৰিছিল কিশোৰ দাসে। বহুকেইখন ছবিৰ লগতে মিউজিক ভিডিও আৰু ধাৰাবাহিকত সফল অভিনয়ৰ জৰিয়তে দৰ্শকৰ হৃদয় চুবলৈ সক্ষম হৈছিল কিশোৰ দাস।
নৃত্যৰ জৰিয়তে অভিনয় জগতত প্ৰৱেশ কৰা কিশোৰ দাসে বিধাতা, বান্ধোন, বৃন্দাবন আদি ধাৰাবাহিকত অভিনয়ৰ চাপ ৰাখি থৈ গৈছে তেওঁ