বেআইনী আর্থিক লেনদেন গোচৰত শিৱসেনা নেতা তথা সাংসদ সঞ্জয় ৰাউতক ১০ ঘণ্টা ধৰি জেৰা কৰে এনফৰ্চমেন্ট ডিৰেক্টৰে (ইডি)। দক্ষিণ মুম্বাইৰ বেলার্ড ষ্টেটৰ ইডিৰ অফিচত সঞ্জয়ে প্ৰৱেশ কৰে শুকুৰবাৰে দিনৰ এঘাৰটাত। জেৰা কৰে নিশা প্রায় ৯.৩০ বজালৈ।
ইডিৰ কাৰ্যালয়ৰ পৰা ওলাই সঞ্জয়ে জনাই যে তেওঁ তদন্তত সকলোধৰণেৰে সহায় কৰিছে। তেওঁৰ কথাত, ‘‘এজেন্সিৰ কাম তদন্ত কৰা। আমাৰ কাম হ’ল তদন্তত সকলোধৰণেৰে সহায় কৰা।মোক মাতিছিল ইডিয়ে। সেয়ে আহিছিলো। আগলৈ মাতিলে আকৌ আহিম।’
ইডিৰ কার্যালয়ত তেওঁৰ প্ৰৱেশৰ আগেয়ে অঞ্চলটোত বৃহৎ পৰিমাণৰ আৰক্ষী নিয়োগ কৰা হয়। কাৰণ তাৰ পূৰ্বেই তাত যথেষ্ট সংখ্যক শিৱসেনা কর্মী গোট খাইছিল।
তেওঁলোকে পথৰ দুয়োকাষ বেৰি ধৰিছিল। উল্লেখ্য যে বিগত ২৮ জুনত সঞ্জয় ৰাউতক হাজিৰ হোৱাৰ কাৰণে চমন পঠায় ইডিয়ে। সেই চমনক ‘ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত’ বুলি মন্তব্য কৰে শিৱসেনা সাংসদজনে।
শুকুৰবাৰে ইডিৰ অফিচত প্ৰৱেশ কৰাৰ আগতে তেওঁৰ কথাত সেই একে সুৰেই আছিল। তেওঁ সংবাদ মাধ্যমক জনায়, ‘‘ইডি কার্যালয়লৈ গৈছিলোঁ। সকলোৱেই জানে, এইটো সম্পূৰ্ণ ৰাজনৈতিক। মোক তলব কৰা হৈছে। মই যেনেদৰে এজন নাগৰিক, তেনেদৰেই এজন সাংসদো।’’
১১ ঘণ্টা জেৰা কৰাৰ পিছত তেওঁ তদন্তত সকলোধৰণেৰে সহায়ৰ আশ্বাস দি ঘৰলৈ ৰাওনা হয়।