অল পাৰ্টি হিলছ লীডাৰ্ছ কনফাৰেন্স চমুকৈ এ পি এইচ এল চিৰ মুখপাত্ৰ, সদ্যসমাপ্ত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত দলটোৰ হামৰেণ সমষ্টিৰ প্ৰাৰ্থী তথা আঞ্চলিকতাবাদৰ এক বলিষ্ঠ কণ্ঠ হিচাপে পাহাৰৰ ৰাজনীতিত এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হোৱা যুৱনেতা আংতং ইংতি কাথাৰক আজি অকস্মাতে ডিফুত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি পাহাৰীয়া জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, ডিফু আদালতৰ কোনো গোচৰৰ শুনানিত হাজিৰ হোৱাৰ বাবে যুৱ নেতাগৰাকী আজি আদালতত উপস্থিত হোৱাৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।
ইফালে, আংতং ইংতিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বাতৰি লাভ কৰাৰ লগে লগে দলটোৰ কৰ্মকৰ্তাসকলে আৰক্ষীৰ সৈতে যোগাযোগ কৰিও কোনো সদুত্তৰ লাভ নকৰা বুলি অভিযোগ কৰে। পৰৱৰ্তী সময়ত কাথাৰক মাঞ্জাৰ চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত পুনৰ আদালতত হাজিৰ কৰোৱাই কাৰাগাৰলৈ প্ৰেৰণ কৰে।
ইফালে, আংতং ইংতি কাথাৰৰ গ্ৰেপ্তাৰৰ প্ৰসংগক লৈ আদালত চৌহদৰ বাহিৰত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। আংতং ইংতি কাথাৰৰ গ্ৰেপ্তাৰৰ পিছতে দলটোৰ সভাপতি জন ইংতি কাথাৰে ডিফুস্থিত নিজা বাসভৱনত এক সংবাদমেলৰ আয়োজন কৰি যুৱ নেতাগৰাকীৰ গ্ৰেপ্তাৰক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।
2021 আৰু 2015 চনৰ দুটা গোচৰত ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰা আৰোপ কৰি আংতং ইংতি কাথাৰক গ্ৰেপ্তাৰ কৰা বুলি মন্তব্য কৰি দলটোৰ সভাপতিগৰাকীয়ে কাৰ্বি আংলঙক বংগভূমিলৈ পৰিণত কৰাৰ স্বাৰ্থত বংগসেনা আৰু আৰ এছ এছৰ ষড়যন্ত্ৰৰ পৰিণতিত আংতং ইংতি কাথাৰক গ্ৰেপ্তাৰ কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। দলটোৰ সভাপতিকে ধৰি আংতং ইংতি কাথাৰ আৰু বিক্ৰম হাঞ্চেক যিকোনো সময়তে আক্ৰমণ তথা হত্যা কৰাৰ সম্ভাৱনা থকা বুলি পূৰ্বেও খবৰ লাভ কৰিছিল। সংবাদমেলত উল্লেখ কৰি সভাপতিগৰাকীয়ে দলটোৰ কোনো নেতা-কৰ্মী আক্ৰমণ অথবা হত্যাৰ বলি হʼলে চৰকাৰখনেই ইয়াৰ বাবে জগৰীয়া হʼব বুলি সংবাদমেলত উল্লেখ কৰে। দলটোৰ নেতৃত্বৰ বিৰুদ্ধে অপৰাধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপন হোৱা বুলি মন্তব্য কৰি এপিএইচএলচি কোনোধৰণৰ হিংসাত্মক তথা অপৰাধজনক কাৰ্যকলাপৰ সৈতে জড়িত নহয় বুলি সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে।
দলটোৱে কিতাপৰ পাতত থকা বিষয়ক লৈ ৰাইজৰ মাজত জাগৰণ সৃষ্টি কৰাৰ বাবে চেষ্টা চলাই অহা বুলি সভাপতিখৰাকীয়ে লগতে কয়। দলটোৰ কৰ্মকৰ্তাসকলে হিংসাত্মক কাৰ্যকলাপত জড়িত হʼলেই সেইসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ আনি ব্যৱস্থা গ্ৰহণ কৰাৰো আশংকা প্ৰকাশ কৰে সভাপতি জন ইংতি কাথাৰে। আনহাতে, ডিফু আদালতৰ নিচেই কাষতে চিকিৎসালয় থকাৰ পিছতো স্বাস্থ্য পৰীক্ষাৰ বাবে মাঞ্জালৈ লৈ যোৱা হʼল কিয় বুলিও সভাপতি কাথাৰে প্ৰশ্ন উত্থাপন কৰে।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, বিগত পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই এখনো আসন লাভ কৰিবলৈ সক্ষম নহʼলেও ভালেকেইটা সমষ্টিতে দলটোৰ শক্তিশালী গণভিত্তি গঢ় লৈ উঠাতো নিৰ্বাচনী ফলাফলে প্ৰমাণ কৰিছিল। হামৰেণ পৰিষদীয় সমষ্টিতো বিজেপিৰ বিৰুদ্ধে শক্তিশালী প্ৰতিদ্বন্দিতা আগবঢ়াই ভোটৰ হিচাপেৰে দ্বিতীয় স্থান লাভ কৰিছিল দলটোৰ মুখপাত্ৰ আংতং ইংতি কাথাৰে।