আজি কাছাৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত শেহতীয়া বানত প্ৰাণহানি হোৱা ২৪গৰাকী ব্যক্তিৰ ভিতৰৰ ১০গৰাকীৰ নিকটাত্মীয়লৈ এককালীন সাহায্য হিচাপে আগবঢ়োৱা ৪ লাখকৈ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, “বানৰ কৱলত পৰি প্ৰাণ হেৰুওৱা ব্যক্তিসকলৰ জীৱনৰ মূল্য আৰ্থিকভাৱে মূল্যাংকন কৰিব নোৱাৰি, তথাপি এই আৰ্থিক সাহায্যই কিছু পৰিমাণে তেখেতসকলৰ পৰিয়ালৰ সদস্যসকলৰ দুখ-কষ্ট লাঘৱ কৰিব।”
আনহাতে, এই সাহায্য প্ৰদান প্ৰক্ৰিয়াৰ আওতাত অহা বাকী থকা অন্যসকলকো শীঘ্ৰেই এই ধন প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।উল্লেখ্য, বানবিধ্বস্ত সময়ত আজি কাছাৰ জিলাত তৃতীয় বাৰৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীয়ে শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ত আর্তজনৰ সুবিধাৰ বাবে স্থাপন কৰা বান সাহায্য আৰু চিকিৎসা শিবিৰ পৰিদৰ্শন কৰে।
যোৱা কেইসপ্তাহমান ধৰি কঠিন সময়ৰ মাজেৰে জীৱন নির্বাহ কৰা সত্ত্বেও শিবিৰ আশ্ৰয়ীসকলৰ মাজত দেখা পোৱা ইতিবাচক মনোভাব দেখি অভিভূত হোৱা বুলি জনায় হিমন্ত বিশ্ব শৰ্মাই।
লগতে তেওঁলোকৰ বিপদসংকুল সময়ৰ সমভাগী হোৱাৰ লগতে পুনৰ্সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰৰ আন্তৰিক সমৰ্থন আৰু সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্রদান কৰে।আজিৰ কাছাৰ ভ্ৰমণসূচীত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ ডা: ৰাজদীপ ৰয় আৰু কেইবাগৰাকীও বিধায়কে।