বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নূপুৰ শৰ্মাক তীব্ৰ ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ।লগতে দেশৰ শীৰ্ষ আদালতৰ বক্তব্য, নূপুৰে টেলিভিছনত বহি সমগ্র দেশৰ ওচৰত ক্ষমা খুজিব লাগে। পয়গম্বৰক কৰা অশ্লীল মন্তব্যৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছিল।
উল্লেখ্য যে নূপুৰ শৰ্মাক তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সন্দৰ্ভত যিকোনো প্ৰকাৰে সংশ্লিষ্ট ৰাজ্যবোৰৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।
বিচাৰপীঠে কয়, ‘এই আবেদনে দেখুৱাইছে যে তেওঁ (নূপুৰ শৰ্মা) দণ্ডাধীশ আদালতত তেওঁৰ উপস্থিতিৰ প্ৰয়োজন নাই বুলি ভাবে। এজন মুখপাত্ৰই এনে কোনো মন্তব্য দিব নোৱাৰে। কেতিয়াবা মানুহে ক্ষমতাৰ ৰাগীত ভাবে যে তেঁৱেই সকলো।’
নুপুৰ শৰ্মাৰ হৈ অভিজ্ঞ অধিবক্তা মনিন্দৰ সিঙে আদালতত উপস্থিত হৈ কয় যে তেওঁ তদন্তত যোগদান কৰিছে আৰু পলায়ন নকৰে। ইয়াৰ উত্তৰত উচ্চতম ন্যায়ালয়ে কটাক্ষ কৰি কয়, “মই ভাবো আপোনালোকৰ বাবে কোনোবাই ৰেড কাৰ্পেট পাৰি থৈছে।”