<img class="alignnone wp-image-79635" src="//assamtimespost.in/wp-content/uploads/2022/07/logo_new-2-1-1-4-1-3-1.png" alt="" width="185" height="49" /></img> <h2><span style="font-size: 14pt;">অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত এক ধৰ্ণা কাৰ্যসূচী প্ৰদৰ্শন কৰা হয়। </span></h2> <img class="alignnone wp-image-79675 size-large" src="//assamtimespost.in/wp-content/uploads/2022/07/1d2cc37e-7665-448b-8fbc-d7c4417a9f7c-1024x480.jpg" alt="ডিফুত যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা" width="1024" height="480" /></img><span style="font-size: 14pt;">ডিফুৰ চেমচনছিং ইংতি স্মৃতি উদ্যানত আজি যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকন আৰু সাধাৰণ সম্পাদক অপূৰ্ব দাসৰ নেতৃত্বত সংগঠনটোৰ ভালেসংখ্যক কৰ্মকৰ্তাই হাতে হাতে বিভিন্ন শ্লʼগান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰাৰ লগতে ʼঅসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদʼ, বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকʼ ʼবানত ক্ষতিগ্ৰস্তক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰকʼ, ʼবৃহৎ নদীবান্ধ বন্ধ কৰকʼ, ʼইনক্লাৱ জিন্দাবাদʼ আদি শ্লʼগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।</span>