পশ্চিম কাৰ্বি আংলং জিলাত সক্ৰিয় হৈ পৰিছে চোৰাং গৰু সৰবৰাহকাৰী চক্ৰ । বিগত কিছু দিনৰ পৰা চোৰাং গৰু সৰবৰাহকাৰীৰ সন্ধান অব্যাহত ৰাখিছে বৈঠালাংছʼ আৰক্ষীয়ে । আৰক্ষীৰ চকুত ধূলি দি প্ৰায়ে এনে চক্ৰই অতি কৌশলেৰে মেঘালয় লৈ চোৰাং গৰু সৰবৰাহ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
এক গোপন তথ্যৰ ভিত্তিত বৈঠালাংছʼ আৰক্ষীয়ে নিশা আমট্ৰেঙত পহৰাৰত অৱস্থাত দুখন টাটা মʼবাইল জব্দ কৰে । এই দুয়োখন গাড়ীত ১২টা বলধ গৰুসহ তিনিজন লোকক আটক কৰে। আটকাধীন তিনিজন ক্ৰমে ৰুফুল আমিন, জুনাইদুল ইছলাম আৰু হজৰৎ আলী ।
উল্লেখযোগ্য যে, নগাওঁ জিলাৰ কচুৱাৰ পৰা গুৱাহাটীলৈ গৰু ভৰ্তি ট্ৰাক দুখন গোপনে চোৰাং গৰু সৰবৰাহকাৰী কেইটাই লৈ গৈ আছিল । ইতিমধ্যে তিনিজন সৰবৰাহকাৰীক স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত হামৰেণ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ।