মণিপুৰৰ নোনে জিলাৰ টুপুল য়াৰ্ড ৰে’লৱে নিৰ্মাণ শিবিৰত সংঘটিত প্ৰচণ্ড ভূমিস্খলনত উদ্ধাৰকাৰী বাহিনীয়ে বৰ্তমানলৈকে ৮ জনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ৫০ জন লোক সন্ধানহীন হৈ আছে।এই সন্ধানহীন ব্যক্তিসকলৰ ২৩ জন হৈছে টেৰি’টৰিয়েল আৰ্মীৰ ২৩ তম পদাধিকাৰী বেটেলিয়ানৰ জোৱান।
আন ১৭ গৰাকী হৈছে য়াৰ্ড নিৰ্মাণত জড়িত অসমৰ শ্ৰমিক। এই ভূমিস্খলত প্ৰাণ হেৰুৱাইছে অসমৰ এগৰাকী জোৱান। বজালী সেনা জোৱান জিয়াৰুল ইছলামে এই ভূমিস্খলনত প্ৰাণ হেৰুৱায়।
ইয়াৰোপৰি, অসমৰ মৰিগাঁও জিলাৰ লাহৰিঘাটৰ এজন শ্ৰমিক এই ঘটনাত নিহত হোৱাৰ লগতে আন ৫ জন শ্ৰমিক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে। নিহত শ্ৰমিকজনক লাহৰিঘাটৰ খোৰাগচাইবাৰী গাঁৱৰ গোপাল ফুকন (৩২) বুলি চিনাক্ত কৰা হৈছে।
আনহাতে, সন্ধানহীন হৈ থকা আন ১৭ জন শ্ৰমিকৰ ভিতৰত আছে লাহৰিঘাট সমষ্টিৰ কোচকাটি গাঁৱৰ দীপংকৰ বৰদলৈ (২৭), হনুমান কোঁৱৰ (৪৭), চানল কোঁৱৰ (৩০), উৎপল ফুকন (৪০), মমিন ডেকা ৰাজা (৪০), খোৰাগচাই বাৰী গাঁৱৰ আকাশ এল, ৰাম (২১), পল্লৱ লোৰাম (২২), দেৱজিৎ ফুকন (২৩), বগ্যন্ত লোৰাম (৪০), ৰামু ফুকন (৩৫), কুশতালীৰ জুনতি বাৰাদ (২৭) আৰু লৌভুৰুঙ্গাৰ হৰমোহন ডেকা (৩০)।