সাম্প্ৰতিক সময়ত আমাৰ ৰাজ্যত বানপানীয়ে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজ্য চৰকাৰৰ লগতে সামৰ্থ থকা জনে যেনেদৰে পাৰে তেনেদৰেই বানপীড়িত সকলক সাহায্য আগবঢ়াইছে। শেহতীয়াকৈ অংগৰাগ পাপন মহন্তইও এটি এনজিঅ’ৰ জৰিয়তে বানাগ্ৰস্ত সকলক সহায় আগবঢ়োৱা দেখিবলৈ পোৱা গ’ল। ইয়াৰ সমান্তৰালকৈ, তেখেতে ছ’চিয়েল মিডিয়াত এটি পোষ্ট দি আনকো এই ত্ৰাসৰ সময়ত আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
অংগৰাগ পাপন মহন্তই লিখে যে, “বানপানীৰ বাবে অসমৰ পৰিস্থিতি সঁচাকৈয়ে দুখজনক! এইটো প্ৰতি বৰ্ষতেই হয়! এয়া এক প্ৰাকৃতিক দুৰ্যোগ আৰু যেতিয়া আমি এটা সম্প্ৰদায় হিচাবে ভুগি থাকোঁ তেতিয়া আমি ইজনে সিজনক সহায় কৰিবলৈ যিমান সম্ভৱ আগবাঢ়ি অহা উচিত।”
তেওঁ আগলৈ কয় যে, “আমি ইয়াক ৰাষ্ট্ৰীয় সংকট হিচাবে সমাধান কৰিব লাগিব আৰু ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ এটা স্থায়ী বা অধিক কাৰ্যকৰী সমাধান বিচাৰি উলিয়াব লাগিব। আমি ইয়াৰ ওপৰত কাম কৰিবলৈ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ প্ৰযুক্তি আৰু মগজু নিয়োগ কৰিব লাগিব। আশা কৰোঁ, মানুহৰ জীৱন আৰু জন্তুবোৰৰ জীৱন ৰক্ষা কৰিবলৈ বিশেষজ্ঞসকলক মাতি অনা হৈছে। যিসকলে কষ্ট পাইছে তেওঁলোকৰ পৰিয়াললৈ গভীৰ সমবেদনা। লগতে “আৰ্থফুল ফাউণ্ডেশ্যন” আমাৰ স্বেচ্ছাসেৱকসকলক আৰু জিলাসমূহত এই অভিযানবোৰ সম্পাদন কৰাৰ বাবে মোৰ মৰমৰ #paponists সকলক এক ডাঙৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।”