অজনজাতিক ভূমি পট্টা প্ৰদান আৰু KAAC ভোটাৰ তালিকাৰ পৰা অজনজাতিৰ নাম কৰ্তন কৰা আৰু অজনজাতিক ট্ৰেডিং লাইচেন্সৰ বিৰুদ্ধে গৰজি উঠিল কেএছএ পুনৰ অজনজাতিক ভূমি পট্টা প্ৰদান আৰু KAAC ভোটাৰ তালিকাৰ পৰা অজনজাতিৰ নাম কৰ্তন কৰা আৰু অজনজাতিক ট্ৰেডিং লাইচেন্সৰ বিৰুদ্ধে ডিফুৰ ৰাজপথত গৰজি উঠিল কাৰবি ছাত্ৰ সন্থা চমুকৈ কেএছএই ৷
এইলৈ আজি কাৰবি ছাত্ৰ সন্থা চমুকৈ কেএছএ (ইংলংফ’) গোটে ডিফুৰ কেএছএৰ ৰংখেলানস্থিত মুখ্য কাৰ্যালয়ৰ পৰা সমগ্ৰ ডিফু চহৰত কেইবাশতাধিক সমৰ্থকক লগতলৈ ডিফু চহৰৰ মাজেৰে জোঁৰ সমদল বাহিৰ কৰে ৷
কেএছছএৰ সভাপতি থানছিং তিমুঙ আৰু সাধাৰণ সম্পাদক বুদ্ধ তিমুঙৰ নেতৃত্বত বাহিৰ হোৱা জোৰ সমদলত কেইবাশতাধিক সদস্যই কেএছএৰ পতাকা, বেনাৰ আদিলৈ নন ট্ৰাইবেল গ’বেক, নন ট্ৰাইবেল হায়, হায়, কাৰবি আংলঙত কি চলিব কাৰবি গিৰি, আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
কেএছএই ৰাইজৰ মাজত ক্ৰমে, ভাৰতীয় সংবিধান প্ৰদত্ত দাবী ২৪৪(ক) শীঘ্ৰে ৰূপায়ণ, অজনজাতি সকলক ট্ৰেডিং লাইচেন্স প্ৰদান নকৰা, , অজনজাতি সকলক ভূমি পট্টা প্ৰদান নকৰা, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভোটাৰ তালিকাৰ পৰা সকলো অজনজাতি ভোটাৰৰ নাম কৰ্তন কৰা আদি দাবীলৈ জোঁৰ সমদল বাহিৰ কৰে ৷
সংবাদমাধ্যৰ আগত কেএছএৰ সভাপতি থানছিং দাবী সমূহ সন্দৰ্ভত বাখ্যা আগবঢ়াই কয়যে, বিজেপি নেতা সকলে পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে অজনজাতি সকলক কাৰবি আংলঙত ভূমি পট্টা দিয়া আৰু ট্ৰেডিং লাইচেন্স প্ৰদান কৰা সন্দৰ্ভত ভাষণ দিয়াৰ আগত ষষ্ঠ অনুসূচীৰ বিষয়ে জনা নাছিল নেকি বুলি প্ৰশ্ন কৰে ৷
কাৰবি আংলঙত অজনজাতি সকলৰ ভুমি পট্টা প্ৰদান, ট্ৰেডিং লাইচেন্স প্ৰদান আদিৰ বিৰোধিতাৰে কেএছএই অবিৰতভাবে আন্দোলন কৰি যাব বুলি কয় ৷