বিদ্রোহী বিধায়ক (Rebel MLAs)ক আলোচনাত (Discussion) বহাৰ আহ্বান (Call) জনাইছে শিৱসেনা প্রধান তথা মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰে (Maharashtra Chief Minister Uddhav Thackeray)য়ে। তেওঁ কয়, ‘‘আপোনালোকৰ আবেগ বুজিছোঁ, কিন্তু আপোনালোক বিভ্রান্ত নহ’ব, আপোনালোকে যি বিচাৰিছে, সেইতো পোৱাৰ অন্য ৰাস্তাও আছে। আমি একেলগে বহি সেই ৰাস্তা উলিয়াই ল’ব পাৰিম। শিৱসেনা প্রধান লগতে শিৱসেনা পৰিয়ালৰ সদস্য হিচাবে আপোনালোকৰ কাৰণে মই চিন্তিত। আপোনালোক আহক, চাওক আৰু উপভোগ কৰক।’’
আনহাতে, সূত্ৰ মতে উদ্ধৱৰ চৰকাৰৰ বিৰুদ্ধে বিদ্রোহী বিধায়কে অনাস্থা প্রস্তাব আনিব পাৰে বুলি জনা গৈছে। সেই ক্ষেত্রত মহাৰাষ্ট্ৰত অনাস্থা ভোট হʼব পাৰে আগন্তুক ৩০ জুন অর্থাৎ বৃহস্পতিবাৰে।
ইফালে শাৰদ পাৱাৰে জানিব দিয়ে যে মহাৰাষ্ট্রৰ চৰকাৰত তেওঁলোক বিৰোধী হিচাবে বহিবলৈ ৰাজী আছে। কিন্তু মহাৰাষ্ট্রৰ চৰকাৰৰ ভবিষ্যত কি হ’ব সেয়া ৫০ জন বিদ্রোহী বিধায়কেই ঠিক কৰিব।