আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ প্ৰাক মুহূৰ্তত আজি ডিফু (Diphu)ৰ ৫ মাইলৰ ‘ছাই’ খেলপথাৰত আজি কাৰ্বি আংলঙ (Karbi Along)ৰ বিগত এক বছৰৰ ভিতৰত জব্দ কৰা ১২টাকৈ উল্লেখযোগ্য গোছৰৰ নিচাযুক্ত ড্ৰাগছ (Narcotic drug)সমূহ ৰাজহুৱাভাবে দাহ (cremation) কৰি নষ্ট কৰা হয়।
আজি দাহন (combustion) কৰা নিচাযুক্ত দ্ৰব্যসমূহৰ ভিতৰত আছে আছে ৯ কিলোগ্ৰাম হেৰইন, গঞ্জা ১৫৬.২ কি:গ্ৰা:, অপিয়াম পড ২৮১৩.৭ কি: গ্ৰা: কাঁহৰ চিৰাপ ৯৬টা বটল আৰু নিচাযুক্ত টেবলেট ৭৫৮৩টা। এই নিচাযুক্ত ড্ৰাগছসমূহ জিলা ড্ৰাগছ দহন কমিটিৰ অনুমোদন মৰ্মে জিলা আৰক্ষী (District Police)ৰ উদ্যোগ (initiative)ত দহন কাৰ্য সম্পন্ন কৰা হয়। ড্ৰাগছ দাহন কাৰ্যসূচীত উপস্থিত থাকে জিলা ড্ৰাগছ দহন কমিটিৰ সদস্যসকল ক্ৰমে, কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক, পুষ্প ৰাজ সিং, নুপুৰ বৰা ACS, স্বাস্থ্য বিষয়া নৰেন্দ্ৰ নাথ ৰাজখোৱা৷
আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ এব্যুচ দিৱসৰ প্ৰাকমুহূৰ্তত আজি ডিফু ৫ মাইল ক্ৰিকেট খেল পথাৰৰ কাষত ভাৰপ্ৰাপ্ত আৱকাৰী বিষয়া দিগন্ত বৰুৱা। দহন কাৰ্য্যসচীত উপস্থিত থাকে উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা আৰু উপ-আৰক্ষী অধীক্ষক (প্ৰৱেচনাৰ) নিলোৎপল শইকীয়া উপস্থিত থাকে ৷
উল্লেখযোগ্য যে, যোৱা বৰ্ষৰ ১৭ জুলাইত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিতিত বৃহৎ পৰিমাণে ড্ৰাগছ দাহ কৰি নষ্ট কৰা হৈছিল।