কাৰবি আংলং জিলা (KARBI ALONG)ৰ বিভিন্ন মহাবিদ্যালয়ৰ অসামৰিক সেৱা প্ৰত্যাশীসকলৰ মাজত আজি কাৰবি আংলং জিলাৰ উপায়ুক্ত দিবাকৰ নাথে এক গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচী যোগে অসামৰিক সেৱাৰ ‘ইণ্ডিয়া পলিটি’ নামৰ কিতাপ (BOOK) আনুষ্ঠানিকভাবে বিতৰণ কৰে ৷ আজি সন্ধিয়া ডিফুস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মেলন কক্ষত কিতাপখিনি বিতৰণ কৰে ৷
ইয়াৰোপৰি অতিৰিক্ত উপায়ুক্ত ধীৰজ কুমাৰ জৈন আৰু সহকাৰী উপায়ুক্ত গুঞ্জন শৰ্মাই বহুমূলীয়া বক্তব্য ৰাখী অসামৰিক সেৱা প্ৰত্যাশীসকলক অনুপ্ৰাণিত কৰে ৷
সংবাদ মাধ্যমৰ আগত জিলা উপায়ুক্ত দিবাকৰ নাথে কয়যে, বিগত মে মাহত তেওঁ কাৰবি আংলঙৰ বিভিন্ন মহাবিদ্যালয়লৈ গৈ অসামৰিক সেৱা প্ৰত্যাশী সকলৰ সৈতে মত-বিনিময় কৰি প্ৰত্যাশীসকলক জিলা উপায়ুক্তক মাতি এখন কিতাপ প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি মৰ্মেই আজি এক মত বিনিময় অনুষ্ঠানত উক্ত প্ৰত্যাশীসকলৰ মাজত ‘ইণ্ডিয়া পলিটি’ নামৰ কিতাপখন বিতৰণ কৰে ৷ প্ৰত্যাশীসকলে চাৰি মাহৰ ভিতাৰত উক্ত কিতাপ পঢ়ি সম্পূৰ্ণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে বুলি কয় ৷