যোৱা মঙলবাৰে ২১ জুন তাৰিখে ডিফু চিকিৎসা মহাবিদ্যালয়ত এগৰাকী অচিনাক্ত পুৰষ লোকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা বুলি আজি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷
ডিফু আৰক্ষীয়ে ইতিমধ্যে লোকজনৰ চুৰৎহাল আৰু মৰণোত্তৰ পৰীক্ষা কৰোৱাৰ পিছত চিনাক্ত কৰণৰ বাবে ৭২ ঘণ্টা সময় ডিফু চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত সংৰক্ষণ কৰি ৰখা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷