পৰৱৰ্তী সময়তহে,কেইবামাহৰো পিছত গোটেই পৰিয়াল একত্ৰ হৈছিল। প্ৰথমেই চিকিৎসকে ভাবিছিলে হালিমাই মুঠ ৭ টি সন্তান জন্ম দিছে। পিছে নাই,পৰৱৰ্তী কিছু সময়ৰ ভিতৰত আন দুটি সন্তানো জন্ম দিয়ে হালিমাই। ভাগ্যক্ৰমে মৰক্কোৰ সৰ্ব্বোত্তম নৱজাত শিশুৰ যত্ন লোৱা চিকিৎসা প্ৰতিষ্ঠানৰ সুবিধা দিবলৈ সক্ষম হৈছিলো। -চিকিৎসক ইউচুফ আলাঐয়ে এই কথা জানিবলৈ দিয়ে।
পূৰ্বে একেলগে ৮ টি সন্তান জন্ম দি অভিলেখ গঢ়িবলৈ সক্ষম হোৱা নাদ্যা চুলেইমানৰ অভিলেখ ভাঙিলে হালিমাহঁতে। প্ৰথমেই ৯টিকৈ সন্তান একেলগে জন্মাৰ লগতেই জীয়ায়ো থকাৰ পূৰ্বৰ কোনো অভিলেখ গিনিজ বুক অৱ ৰেকৰ্ডছত নাই। নৱজাত শিশুকেইটি মাথোঁ কেইঘন্টামানহে জীয়াই থাকিব বুলি ভাবিছিলে।