কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰৰ তীব্ৰতা ক্ৰমাৎ বৃদ্ধি পাবলৈ লোৱা পৰিলক্ষিত হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই শেহতীয়াকৈ জিলাখনত বাহৰ পাতি থাকি দলীয় প্ৰাৰ্থীসকলৰ সমৰ্থনত সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে।
অসমত এতিয়াও 25 লাখ নিবনুৱা আছে বুলি মন্তব্য কৰি বছৰি এক লাখ নিবনুৱাক চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে এবছৰত ৰাজ্যখনৰ মুঠ নিবনুৱাৰ এক শতাংশকহে সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ সক্ষম হʼল। এনে হʼল বৰ্তমানৰ অসমৰ প্ৰতিজন নিবনুৱাক সংস্থাপন দিবলৈ চৰকাৰক কমেও 99 বছৰৰ প্ৰয়োজন হʼব বুলি সভাপতিগৰাকীয়ে কটাক্ষ কৰে। মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰতো চৰমভাৱে ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে।
অসমত আলফালৈ যোৱা যুৱকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰসংগ উল্লেখ কৰিও চৰকাৰক কঠোৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ʼঅসমত আৰক্ষীত যিমানসংখ্যক যুৱক-যুৱতীয়ে নিযুক্তি পালে সিমানসংখ্যকেই আলফাত নিযুক্তি পাইছে।ʼ- সভাপতি বৰাই কয়।
অসমক ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ এখন হিচাপে পৰিগণিত কৰা হʼব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰি অহা দাবী সন্দৰ্ভত নিজা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতিগৰাকীয়ে জিডিপিৰ তালিকাত দেশৰ ভিতৰতে অসমৰ স্থান 17 হোৱাৰ বিপৰীতে দাৰিদ্ৰ্যৰ লেখতো দেশৰ ভিতৰতে অসমৰ স্থান তৃতীয় বুলি ক্ষোভ প্ৰকাশ কৰে।
সৰুতে পূজাত বেলুনৰ দোকান দিয়া বুলি কোৱা মুখ্যমন্ত্ৰীয়ে এতিয়া হেলিকপ্টাৰত উঠি ফুৰিব পৰাকৈ লাভ কৰা ধনৰ উৎস কি বুলি প্ৰশ্ন কৰে। বিদেশী বিতাড়নৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা চৰকাৰখনৰ আমোলত কিমান বিদেশী খেদা হʼল বুলিও অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে আজি ভাষণ প্ৰসংগত প্ৰশ্ন উত্থাপন কৰে।