মুখৰ দুর্গন্ধ আৰু চুম্বকৰ একে মেৰু প্ৰায় একে ধৰণৰ, দুয়োটাতে বিকর্ষণ অনিবার্য। মুখৰ দুৰ্গন্ধৰ বাবে বহুতেই কথা কোৱাৰ পৰা দূৰে দূৰে থাকে৷ তাৰ পৰিত্ৰাণৰ বাবে যে কোনে কি নকৰে! বজাৰত পোৱা বিভিন্ন মাউথৱাশ্ব ব্যৱহাৰ কৰিও বহুতে পৰিত্ৰাণ নাপায়৷
কিন্তু অত্যন্ত সহজ উপায়েৰে ঘৰতেই তৈয়াৰ কৰিব পৰা যায় সম্পূর্ণ প্রাকৃতিক মাউথৱাশ্ব। মুখৰ দুর্গন্ধ সৃষ্টিকাৰী ভাইৰাছ-বেক্টেৰিয়া নির্মূল কৰাই হওক, বা দাঁত আৰু আলুৰ স্বাস্থ্য ভালে ৰখা— মুখ গহ্বৰ ভালে ৰাখিবলৈ এই প্রাকৃতিক মাউথৱাশ্বৰ বিকল্প নাই।
এই মিশ্ৰণ অধিক সংবেদনশীল মুখৰ ক্ষেত্রতো অত্যন্ত কার্যকৰী। কৃত্রিম মাউথৱাশ্বত থকা বিভিন্ন ৰাসায়নিক পদার্থৰ ফলত বহু সময়ত মুখৰ লালতি গ্রন্থিৰ ক্ষৰণ হ্রাস পোৱাৰ সমস্যাই দেখা দিয়ে। ইয়াক বিজ্ঞানৰ ভাষাত জেৰোষ্টেমিয়া বোলে। যিয়ে একাধিক নেতিবাচক পার্শ্বপ্রতিক্রিয়া সৃষ্টি কৰিব পাৰে। ঘৰতে তৈয়াৰী এই প্রাকৃতিক মাউথৱাশ্বৰ ক্ষেত্রত এনে ধৰণৰ কোনো সমস্যা দেখা নাযায়।