সকলো জল্পনা-কল্পনাৰ অন্তত অৱশেষত সমাগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীৰ বিজেপিৰ বহু প্ৰত্যাশিত ২৬ খন পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকাখন আনুষ্ঠানিক ভাবে গুৱাহাটী বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা ঘোষণা কৰা হ’ল ৷
তালিকাখন ক্ৰমে দুৱাৰ আমলাত প্ৰভাত চন্দ্ৰ তাৰ’, আমৰিত ডি উফিং মাছলাই, চিন্ঠংত অভিজিত ক্ৰ, (নতুন মুখ), ছচেংত হেডছিং ৰংফাৰ(নতুন মুখ),ৰংখাং লংবিচন বে’,(নতুন মুখ),বিথুং ৰেংথামাত ডাঃ তুলিৰাম ৰংহাঙ, কপিলীত পৱন কুমাৰ, হামৰেণত মঙলচিং তিমুঙ, আমৰেঙত ৰীণা তেৰাঙপী,হাওৰাঘাটত সিদ্ধান বাকী, লাংফেৰত মধুৰাম লেকথে(নতুন মুখ), ফুলনিত কাংবুৰা কিলিং, (নতুন মুখ), লাংহিনত বিলি মোহন খাকলাৰী, (নতুন মুখ), কৰকাণ্ঠিত ৰাজু তিচ’, মহামায়াত লুণছিং টেৰণ, নমাটিত ৰিতেশ ইংহি, ছচেং ধেণ্টাত কাচেলৰংপিপী, লুম্বাজঙত জনী তিমুঙ (নতুন মুখ), ধনশিৰিত তিলোত্তমা হাঞ্চু (নতুন মুখ), সিংহাসনত অমৰছিং তিচ, বৰজানত সুৰ্য ৰংফাৰ, সৰু পথাৰত কাদম তেৰাঙপী (নতুন মুখ), বোকাজানত মাধূৰ্য ঢেকিয়াল ফুকন, দেওপানীত শ্ৰাৱন তেলেঙ্গা ( নতুন মুখ ), নিলীপত পৱিত্ৰ ৰংপি, আৰু দুৱাৰ বাগৰি পৰিষদীয় সমষ্টিত ৰিচাৰ্ড টকবী ৷ তালিকাখনত বিজেপিৰ কেইবাগৰাকী প্ৰভাৱশালী নেতাৰ নাম বাদ পৰাৰ বিপৰীতে কেইবাগৰাকী নতুন যুৱ নেতাই স্থান পাইছে ৷
আশৰ্যজনকভাবে কাৰবি শান্তি চুক্তিৰ পিছত কেইবাগৰাকী প্ৰাক্তন উগ্ৰপন্থী নেতাই গেৰুৱাদলটোত যোগদান কৰি অৱশেহত সমাগত পৰিষদীয় নিৰ্বাচনত ছয়টাকৈ আসন দাবী কৰি শাসকীয় দল বিজেপিৰ প্ৰাৰ্থীত্বৰ বাবে আবেদন কৰিও মূৰকত প্ৰাৰ্থী হাই কামাণ্ডৰ নজৰত বিবেচিত নহ’ল ৷ আজি বিজেপি দলৰ প্ৰাৰ্থী তালিকাখন প্ৰকাশ পোৱাৰ পিছত দলটোৰ মাজত কি ক্ৰিয়া-প্ৰতিক্ৰিয়া সেয়া বৰ্তমান সময়ত লক্ষণীয় হৈ পৰিছে ৷