কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ কালি জিলা উপায়ুক্ত কাৰ্যালয়ত এএছডিচি, এপিএইছ এলচি আৰু নিৰ্দলীয় দলৰ মুঠ ৯গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰাৰ পিছত আজি দ্বিতীয় দিনত ডিফু নিৰ্বচনী জিলাৰ অন্তৰ্গত কংগ্ৰেছ এএছডিচি আৰু এপিএইছএলচিৰ ১৬ গৰাকী প্ৰাৰ্থীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ত নিজৰ নিজৰ মনোনয়ন-পত্ৰ দাখিল কৰে ৷
প্ৰাৰ্থীসকল ক্ৰমে, ১৫নং মহামায়া পৰিষদীয় সমষ্টিৰ বাবে প্ৰাক্তন ইএম বিদ্যাছিং ৰংপি, ১৯নং ধনশিৰিত এএছডিচিৰ মণ্ডল তাৰ’, ১৯নং ধনশিৰিত নিৰ্দলীয় প্ৰাৰ্থী নিচ’ তেৰাঙপী, ১২নং ফুলনিত নিৰ্দলীয় প্ৰাৰ্থী মহেন্দ্ৰ বে’, ১৫নং মহামায়াত এএছডিচিৰ প্ৰাৰ্থী বাবুছিং ৰংহাঙ, ১২নং ফুলনিত এপিএইছএলচি প্ৰাৰ্থী ধনীৰাম তিমুঙ, ১৯নং ধনশিৰিত নিৰ্দলীয় প্ৰাৰ্থী এলড্ৰিণ পাটৰ ৷
আনহাতে ১৪নং কৰকাণ্ঠিত এএছডিচিৰ খৰচিং ইংতি, ২০নং সিংহাসনত কংগ্ৰেছৰ প্ৰদীপ ছিংনাৰ আৰু নমাটি পৰিষদীয় সমষ্টিত এপিএইছএলচিৰ সুৰেণ ক্ৰামছা, ১৫নং মহামায়াত ক্ৰমে, চিপিআই (এমএল)ৰ বিদ্যাচিং টেৰণ, ফুলনিত এএছডিচৰ মুনিন্দ্ৰ বে’ লাংফেৰত চিপিআই(এমএল)ৰ লংকিৰাম টকবী, মহামায়াত এপিএইছএলচিৰ ৰবিচিং ৰংহাঙ, ১৮নং হাওৰাঘাটত এপিএইছএলচিৰ পুৰ্ণিমা ইংহিপী আৰু এছডিচিৰ ৰত্নেশ্বৰ তিমুঙে মনোনয়ন পত্ৰ দাখিল কৰে ৷