জৰুৰী অৱস্থা প্ৰত্যাহাৰ কৰা হ’ল শ্রীলঙ্কাত। তীব্ৰ বিত্তীয় সঙ্কটৰ মাজতে চৰকাৰবিৰোধী বিক্ষোভ ৰুধিবলৈই জাৰি কৰা হৈছিল জৰুৰী অৱস্থা। বিগত ৬ মে’ত জাৰি কৰা হয় জৰুৰী অৱস্থা। শুক্রবাৰে মাজনিশা ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষেই এক বিবৃতি জাৰি কৰি জৰুৰী অৱস্থা প্রত্যাহাৰৰ ঘোষণা কৰে।
চৰম সঙ্কটৰ বাবে ৰাজাপক্ষে পৰিয়ালক দোষা সাব্যস্ত কৰি গণবিক্ষোভ কৰে দেশখনৰ জনসাধাৰণে। যোৱা মাহৰ পৰা ৰাজপথত নামি চৰকাৰবিৰোধী বিক্ষোভ কৰে তেওঁলোকে। অৱশ্যে সম্প্রতি এই বিক্ষোভ আৰু বৃদ্ধি পাইছে।
জৰুৰী অৱস্থা চলি থাকোতে চৰকাৰবিৰোধী বিক্ষোভ প্ৰদৰ্শন কৰা সাধাৰণ লোকক নির্বিচাৰে গ্রেপ্তাৰ আৰু আটক কৰাৰ ক্ষমতা দিয়া হয় আৰক্ষী আৰু নিৰাপত্তা বাহিনীক। যাৰ ফলত এই পর্যন্ত ৯ জন নিহত আৰু দুই শতাধিক আহত হৈছে।