আগন্তুক কেইদিনমানৰ ভিতৰত তামিলনাডুৰ পৰা সমুদ্রপথেৰে আৰব সাগৰৰ কোনো এক স্থানলৈ ড্ৰাগছ সৰবৰাহ হ’ব পাৰে বুলি চোৰাংচোৱাই আগতেই উপকূলৰক্ষী বাহিনীক সতর্ক কৰিছিল। তাৰ পিছৰ পৰাই লাক্ষাদ্বীপৰ উপকূলত তীক্ষ্ণ দৃষ্টি ৰাখিছিল উপকূলৰক্ষী বাহিনীয়ে।
শুক্রবাৰে নিশা হোৱাৰ লগে লগেই দুখন নৌকা দৃষ্টিগোচৰ হয় তেওঁলোকৰ। এক মুহূর্তও পলম নকৰি নৌকা দুখনক অনুসৰণ কৰে উপকূলৰক্ষী বাহিনীয়ে।ইফালে উপকূলৰক্ষী বাহিনী অহা দেখি পলোৱাৰ চেষ্টা কৰে ‘প্রিন্স’ আৰু ‘লিটল জেছাছ’ নামৰ নৌকা দুখন। উপকূলৰক্ষী বাহিনীয়ে নৌকা দুখনৰ আৰোহীসকলক আত্মসমর্পণ কৰাৰ বাবে বাৰম্বাৰ সতর্ক কৰে।
কিন্তু তাকে নকৰি দুয়োখন নৌকায়েই তীব্ৰগতিৰে পলোৱাৰ চেষ্টা কৰে। কিন্তু উত্তাল সমুদ্রৰ ঢৌত তেওঁলোকৰ গতিৰোধ হয়। ফলত অতি বেছি দূৰ আগবাঢ়িব নোৱাৰে নৌকা দুখন। তেওঁলোকক ঘেৰি ধৰে উপকূলৰক্ষী বাহিনীৰ জাহাজে।
#WATCH | Indian Coast Guard ships chased two boats named Prince and Little Jesus off the coast of Lakshadweep and intercepted them with drugs worth over Rs 1,520 crores. Operation 'Khojbeen' was launched jointly with the Directorate of Revenue Intelligence: ICG officials pic.twitter.com/5drXSLrQqg
— ANI (@ANI) May 21, 2022
তাৰ পিছতেই দুখন নৌকা যাত্ৰীৰে সৈতে আটক কৰি কোচীলৈ লৈ আহে। নৌকা দুখনত যৌথভাবে তালাচী চলায় উপকূলৰক্ষী বাহিনী আৰু ৰাজহ বিভাগৰ চোৰাংচোৱাই।
‘অপাৰেচন অনুসন্ধান’ নামৰ এই অভিযানত দুখন নৌকাৰ পৰা ২০০ কেজি হেৰোইন উদ্ধাৰ কৰে চোৰাংচোৱাই। যাৰ বজাৰ মূল্য ১,৫২৬ কোটি টকা। চোৰাংচোৱা সূত্রৰ খবৰ মতে, মুঠ ২১৮টা পেকেট পোৱা গৈছে।