কিছুদিন আগলৈকে আছিল পঞ্জাব প্রদেশ কংগ্রেছৰ প্রধান। বিচাৰিছিল মুখ্যমন্ত্রী হ’বলৈও। ‘সুদিন’ এতিয়া অতীত। পাতিয়ালা জে’লত স্থান এতিয়া নৱজ্যোৎ সিং সিদ্ধুৰ। ১৯৮৮ চনৰ পথ-হিংসা গোচৰত তেওঁক এবছৰৰ সশ্রম কাৰাদণ্ডৰ আদেশ ছুপ্রিম কোর্টৰ। শুকুৰবাৰে পাতিয়ালা কোর্টত আত্মসমর্পণ কৰাৰ পিছত সিদ্ধুক লৈ যোৱা হয় আগন্তুক এবছৰৰ বাবে তেওঁৰ বাসস্থান পাতিয়ালা জে’লৰ সাত নম্বৰ বেৰেকলৈ।
সিদ্ধু হ’ল কয়দী নম্বৰ ২৪১৩৮৩। সূত্রৰ খবৰ মতে, সিদ্ধুক দিয়া হ’ব এখন টেবুল, এখন চকী, দুটা পাগুৰী, এখন কাপবোর্ড, এখন কম্বল, তিনি ছেট অন্তর্বাস, দুখন টাৱেল, এখন আঁঠুৱা, এটা কলম, এখন নোটবুক, এযোৰ জোতা, দুখন বিছনা চাদৰ, চাৰিযোৰা কুর্তা-পাইজামা আৰু দুটা গাৰু কভাৰ।