অভিনেত্ৰী নীনা গুপ্তাক বৰ্তমান সময়ত কোনো চিনাকী দিয়াৰ প্ৰয়োজন নাই । ৫০ বছৰ বয়স অতিক্ৰম কৰাৰ পিছত বলীউডত সফলতাৰ সোৱাদ লোৱা অভিনেত্ৰী নীনা গুপ্তাই প্ৰায়ে তেওঁৰ ব্যক্তিগত জীৱনৰ বাবে বাতৰিলৈ আহে। তেওঁৰ জীৱন এখন ব্লকবাষ্টাৰ চলচ্চিত্ৰতকৈ কম নহয়।
ইণ্ডিয়া টুডেৰ প্ৰতিবেদন অনুসৰি, নীনা গুপ্তাই তেওঁৰ ‘সচ কহুঁ তো’ নামৰ কিতাপখনত কেৱল শ্বাবানা আজমীৰ বিষয়েই নহয়, তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়েও বহুতো কথা প্ৰকাশ কৰিছিল।
নীনা গুপ্তাই লগতে কয় যে, “বহুবাৰ মোক কোৱা হৈছিল যে আমি এই ছবিখন কৰি আছো আৰু ইয়াত আপোনাৰ এনে ভূমিকা থাকিব, কিন্তু পিছত শ্বাবানা আজমীক সেই চৰিত্ৰত অভিনয় কৰিবলৈ দিয়া হৈছিল।” নীনা গুপ্তাই আজিৰ চিনেমাৰ প্ৰতি তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আজিৰ সময়ত তেওঁ অতি শান্ত আৰু সুখী অনুভৱ কৰে, কিয়নো আজিৰ চিনেমাত তেওঁক বাকীবোৰতকৈ সৰ্বশ্ৰেষ্ঠ আৰু উন্নত চৰিত্ৰত অভিনয় কৰা দেখা গৈছে।