আমেৰিকাৰ হুইছকনছেন নিবাসী ডন গোৰ্ছকে ১৯৭২ চনৰ মে’ মাহত প্রথমবাৰ খাইছিল বিশেষ এটি বার্গাৰ। বার্গাৰটি খাই ইমানেই ভাল লাগে যে, দৈনিক সেই একেই বার্গাৰ খোৱা আৰম্ভ কৰে তেওঁ।
পাঁচ দশকত কেৱল ৮ দিন বার্গাৰ খাব পৰা নাই গোৰ্ছকে। গোৰ্ছকে জনোৱা মতে, তেওঁ যদি এবাৰ কোনো খাদ্য পছন্দ কৰে, তেন্তে সেই খাদ্যবিধেই একেৰাহে খাই থাকে। যিমান দিন বাচি থাকিব, সিমান দিনেই তেওঁ দৈনিক এই বার্গাৰ খাই যাব বুলিও তেওঁ জনায়। সকলো মিলাই উক্ত একে প্ৰকাৰৰেই বার্গাৰ প্রায় ৩২ হাজাৰ ৭০০ খাইছে তেওঁ !