অৱশেষত আত্মসমর্পণ কৰিলে নৱজ্যোৎ সিং সিদ্ধুই। ছুপ্রিম কোর্টৰ নির্দেশ মানিয়ে আজি পাটিয়ালা আদালতত উপস্থিত হয় পঞ্জাব কংগ্রেছৰ প্রাক্তন সভাপতিজন।
১৯৮৮ চনত পথ-হিংসা গোচৰত সিদ্ধুক এবছৰৰ সশ্রম কাৰাদণ্ডৰ আদেশ দিয়ে শীর্ষ আদালতে। লগতে আজিয়েই আদালতত আত্মসমর্পণৰ নির্দেশ দিয়া হৈছিল। কিন্তু পুৱাতে অধিবক্তা এএম সিঙ্ঘভিৰ জৰিয়তে অসুস্থতাৰ দোহাই দি আৰু কিছুদিন সময় বিচাৰে সিদ্ধুই। উক্ত আবেদন নাকচ কৰে আদালতে।
আদালতে কয়, ‘৩৪ বছৰ পাৰ হৈ গৈছে মানে এয়া নহয় যে অপৰাধ মৰি গৈছে। বৰ্তমান শাস্তি শুনোৱা হৈছে, তেওঁ আকৌ তিনি-চাৰি সপ্তাহ সময় বিচাৰিছে।’
উত্তৰত সিদ্ধুৰ তৰফৰ পৰা কোৱা হয়, ‘আত্মসমর্পণতো কৰিবই। আপুনি যদি বিবেচনা কৰে সময় দিয়ক।’ তাত ন্যায়াধীশ খানউইলকৰে জনায়, ইয়াৰ বাবে লিখিত আবেদন জমা দিব লাগিব ভাৰতৰ মুখ্য ন্যায়াধীশক।