অহা 8 জুনত অনুষ্ঠিত হʼবলগীয়া কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বাবে সৰু-বৰ সকলো ৰাজনৈতিক দলেই ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।
দলীয় প্ৰাৰ্থিত্বক লৈ আটাইকেইটা দলৰ মাজতে বিভিন্ন হিচাপ-নিকাচ অব্যাহত আছে। ইয়াৰ মাজতে পাহাৰীয়া জিলাকেইখনৰ আঞ্চলিক ৰাজনৈতিক দল এএছডিচিয়ে আজি প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।
আনহাতে আমৰি, লাংফেৰ আৰু সৰুপথাৰত এএছডিচিয়ে এগৰাকী মনপুতঃ প্ৰাৰ্থীক সমৰ্থন কৰাৰ লগতে আমৰেং, ৰংখাং, লাংহিন আৰু বোকাজান পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব সন্দৰ্ভত আলোচনা অব্যাহত আৰু সেয়া পিছত ঘোষণা কৰা হব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে এএছডিচিৰ নেতৃবৰ্গই ৷
আনহাতে সংবাদমেলত এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে ক্ষোভ উজাৰি কয় যে কাৰবি আংলঙৰ ৰাইজৰ ইচ্ছা আকাংক্ষাক সন্মান জনাই বিজেপিক নিৰ্বাচনী যুঁজত হেৰুৱালৈ বিজেপি বিৰোধী শক্তিসমূহকলৈ ঐক্যবদ্ধভাবে যুঁজ দিয়াৰ বাবে এএছডিচিয়ে কংগ্ৰেছ আৰু এপিএইছএলচিৰে মিত্ৰতাৰ হাত আগবঢ়াইছিল যদিও দুয়োটা দলে ৰাইজৰ আকাংক্ষাক নুবুজিলে আৰু এএছডিৰে মিত্ৰতা নকৰিলে ৷
পৰিষদীয় নিৰ্বাচনত কেনেবাকৈ বিজেপি দল জয়ী হলে তাৰ বাবে কংগ্ৰেছ আৰু এপিএইছএলচি দায়ী হব বুলি মন্তব্য কৰে এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে ৷