বৃহৎ দুর্ঘটনাৰ পৰা ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ এখন বিমান। মুম্বাইৰ ছত্রপতি শিৱাজী আন্তর্জাতিক বিমানবন্দৰৰ পৰা শুক্রবাৰে পুৱা ১০.১৫ বজাত উৰা মাৰিছিল এয়াৰবাছ এ-৩২০ বিমানখন। গন্তব্যস্থল আছিল বেঙ্গালুৰু। বিমানখন যেতিয়া মাজ আকাশত, ঠিক তেতিয়াই বন্ধ হৈ যায় ইঞ্জিন।
বিপদ বুজিব পাৰিয়েই এয়াৰ ট্ৰেফিক কণ্ট্ৰোললৈ বার্তা পঠায় পাইলটে। এয়াৰ ট্ৰেফিক কন্ট্রোলৰ পৰা সেউজ সঙ্কেত পোৱাৰ লগে লগেই ততাতৈয়াকৈ বিমানখনক পুনৰ মুম্বই বিমানবন্দৰলৈ উভতাই লৈ আহে পাইলটে। কেনেদৰে উক্ত ঘটনাটি ঘটিল তাৰ তদন্ত কৰিছে বিমান নিয়ন্ত্রক সংস্থা ডিজিচিএই। যাত্রীসকলক অন্য এখন বিমানেৰে বেঙ্গালুৰুলৈ পঠোৱা বুলি এয়াৰ ইণ্ডিয়াৰ এজন মুখপাত্রই জনাইছে।
এই সন্দৰ্ভত তেওঁ কয়, “আমাৰ বাবে সকলোতকৈ বেছি গুৰুত্বপূর্ণ যাত্রীসকলৰ নিৰাপত্তা। এনে ধৰণৰ কোনো পৰিস্থিতিৰ সৃষ্টি হ’লে আমাৰ বিমান কর্মচাৰীসকলো তাক দক্ষতাৰে চম্ভালিবলৈ সক্ষম। অৱশ্যে এই ঘটনা কেনেদৰে ঘটিল সেয়া তদন্ত কৰিছে অভিযন্তাসকলে।”