সমগ্ৰ দেশ কঁপাই যোৱা অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াৰ ধাৰাবাহিক শুনানী অব্যাহত আছে। আজিও নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত অনুষ্ঠিত শুনানীত ঘটনাটোৰ তদন্তকাৰী আৰক্ষী বিষয়াৰ সাক্ষ্য গ্ৰহণ কৰা হয় ।
ইপিনে সাক্ষ্যদান কৰা ৬৯ গৰাকী ব্যক্তিৰ ভিতৰত ৭ গৰাকীয়ে ভাষ্য সলনি কৰা বুলি অভি- নীলৰ পিতৃদ্বয়ে অভিযোগ কৰে। আনহাতে অভি-নীলৰ পিতৃদ্বয়ে দোষীৰ চূড়ান্ত শাস্তি কামনা কৰে। উল্লেখ্য যে ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙৰ মনোৰম দৃশ্য উপভোগ কৰি উভতি অহাৰ পথত ডকমকাত একাংশ লোকে বৰ্বৰভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল নিলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ দুই প্ৰতিভাৱান যুৱকক।
আনহাতে এই অমানৱীয় ঘটনা সংঘটিত হোৱাৰ পাচত সমগ্র দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এই বৰ্বৰ ঘটনাৰ বিৰুদ্ধে অসমৰ লগতে বহি: ৰাষ্ট্ৰতো প্ৰতিবাদ সাব্যস্ত হয়। অৱশ্যে ঘটনা সংঘটিত হোৱাৰ পিছত কাৰ্বি আংলং আৰক্ষীয়ে তৎপৰতাৰে ৪৭ জনকৈ অভিযুক্তক আটক কৰি অতি কম সময়ৰ ভিতৰতে আদালতত অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছিল।
উল্লেখ্যনীয় বিষয় এই যে নিলোৎপল আৰু অভিজিতৰ পৰিয়ালৰ লোকৰ এক আবেদনৰ ভিত্তিত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালতৰ বিপৰীতে নগাঁও আদালতত আৰম্ভ হয়।