অসমৰ বান পৰিস্থিতিৰ ক্রমাৎ অৱনতি ঘটিছে। এটাৰ পিছত আনটো কৃষিভূমি, বসতিস্থান পানীৰ তললৈ গৈছে। এই পর্যন্ত বানত প্রাণ গৈছে ৯ জনৰ। গৰাখহনীয়াত গৃহহীন হৈছে লাখ লাখ লোক। ২৭খন জিলাত ক্ষতিগ্ৰস্ত হৈছে ৬ লক্ষ ৬২ হাজাৰ লোক।
সকলোতকৈ বেছি ক্ষতিগ্রস্ত নগাঁও আৰু কাছাৰ। যথাক্রমে ২.৮৮ লাখ আৰু ১.১৯ লাখ লোক তাত ক্ষতিগ্ৰস্ত হৈছে। ঘৰ-বাৰী, কৃষিভূমি হেৰুৱাই বিপর্যস্ত তেওঁলোক। বুধবাৰে বানত মৃত্যু হয় আৰু এজনৰ। বিভিন্ন জিলাৰ ১৩৫টা আশ্ৰয় শিবিৰত আশ্রয় লৈছে ৪৮ হাজাৰ লোকে। ১১৩টা সাহায্য বিতৰণ কেন্দ্র স্থাপন কৰা হৈছে।
ইফালে ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বানত বিধ্বস্ত অঞ্চলবোৰৰ পুনৰ সংস্থাপনৰ বাবে ১৫০ কোটি টকা অনুদান ঘোষণা কৰিছে। কেন্দ্রীয় চৰকাৰে ১০০০ কোটি টকা সাহায্য ঘোষণা কৰিছে। নেৰানেপেৰা বৰষুণৰ কাৰণে প্ৰবল খহনীয়া হৈছে ডিমা হাছাও তথা বৰাক উপত্যকাত।
ফলত ব্যহাত হৈ আছে ৰে’ল চলাচল। চুবুৰীয়া ৰাজ্য ত্রিপুৰা, মিজোৰাম, মণিপুৰৰ সৈতে পথ আৰু ৰে’ল যোগাযোগ বন্ধ হৈছে অসমৰ। মুখ্যমন্ত্রীয়ে জনোৱা মতে, ৰে’ল চলাচল পুনৰ আৰম্ভ হ’বলৈ সময় লাগিব ৪৫ দিন। পথসমূহ মেৰামতিৰ বাবে সময় লাগিব দুই–তিনি দিন।