গুজৰাট নির্বাচনৰ কেইমাহমানৰ পূৰ্বেই কংগ্রেছ এৰিলে হার্দিক পেটেলে। বুধবাৰে দলৰ সকলো পদৰ পৰা তেওঁ ইস্তফা দিয়ে। টুইটত জনাইছে, ‘আজি মই সাহসৰ সৈতে কংগ্রেছ দলৰ পদ আৰু দলৰ প্রাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছো। মই নিশ্চিত যে মোৰ সিদ্ধান্তক মোৰ সকলো সহকর্মী আৰু গুজৰাটৰ জনতাই স্বাগতম জনাব।
মই বিশ্বাস কৰো যে মোৰ এই পদক্ষেপৰ পিছত মই ভবিষ্যতে গুজৰাটৰ বাবে সঁচা অৰ্থত ইতিবাচকভাবে কাম কৰিবলৈ সক্ষম হ’ম।’ পদত্যাগ পত্র তেওঁ প্ৰেৰণ কৰিছে ছোনিয়া গান্ধীলৈ। তাত তেওঁ লিখিছে, ‘দলৰ যেতিয়া কঠিন সময়, তেতিয়াই দলৰ নেতা ৰাহুল গান্ধী বিদেশ ভ্ৰমণলৈ যায়।’ ইয়াৰ আগতেও পাতিদাৰ নেতাজনৰ কংগ্রেছ ত্যাগৰ গুজৱ ওলাইছিল। কিন্তু হার্দিকে সেয়া নস্যাৎ কৰিছিল। এইবাৰ কিন্তু সেই জল্পনাই সত্য হ’ল।
২০১৯ চনৰ লোকসভা নির্বাচনৰ ঠিক আগতে কংগ্রেছত যোগ দিছিল হার্দিকে। কিন্তু বিগত কেইসপ্তাহমান ধৰি তেওঁ নানা অভিযোগ কৰিছিল কংগ্রেছ সন্দৰ্ভত। গুজৰাটৰ কংগ্রেছ সভাপতিজনৰ মুখত বিজেপি বন্দনাও শুনা গৈছিল। তেওঁ কৈছিল, ‘বিজেপিৰ যে কিছু ভাল দিশ আছে, সেয়া মানিবই লাগিব।’
ইয়াৰ পিছতেই চৰ্চা আৰম্ভ হয়, তেনেহ’লে এইবাৰ হাত এৰি গেৰুৱা শিবিৰলৈ যাব নেকি যুৱ ৰাজনৈতিক নেতাজন? অৱশ্যে হার্দিকে বিজেপিত যোগ দিছেনে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।