বোকাজানত আৰক্ষী চকীৰ অন্তৰ্গত মাজগাঁৱত পুৱতি নিশা বন্যহস্তীৰ জাকে কেইবাটাও বাসগৃহ ভঙাৰ উপৰিও ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি চুৰমাৰ কৰি ৰাইজৰ বহু সা-সম্পত্তিৰ ক্ষতি সাধন কৰে।
আশ্চৰ্যকৰ বিষয়টো হল যে প্ৰতিদিনে এনেদৰে বন্যহস্তিৰ যাকে গঞা ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও বৰ্তমান পৰ্যন্ত বন বিভাগে এই হাতীৰ জাকটোক খেদি পঠোৱাৰ বাবে কোনো ধৰণৰ পদক্ষেপ নোলোৱাত ৰাইজ একপ্ৰকাৰ ক্ষোভিত হৈ পৰিছে।