নগাঁও চহৰৰ ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান ইছলামপট্টি অঞ্চলত সমন্বয়ৰ বাৰ্তাৰে ‘সমন্বয় বিহু উদযাপন সমিতি’ৰ উদ্যোগত কালিৰে পৰা আৰম্ভ হোৱা ব’হাগী উৎসৱৰ আজি সামৰণি পৰে । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই বিহু উৎসৱত বিভিন্ন পৰম্পৰাগত খেল-ধেমালি, সাংস্কৃতিক প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু অন্যান্য প্ৰতিযোগিতা সমুহ অনুষ্ঠিত হয় ।
আনহাতে বিহু উৎসৱৰ দ্বিতীয় দিনা আজি বিয়লি অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক ভৱেশ মেধিয়ে ইছলামপট্টি অঞ্চলৰ ৰাইজে গ্ৰহণ কৰা এনে প্ৰয়াসক ভূয়সী প্ৰশংসা কৰাৰ লগতে অসমৰ জাতীয় উৎসৱ বিহুৱে যাতে অসমৰ সমন্বয়ৰ এনাজৰীডাল সদায় সুদৃঢ় কৰি ৰাখিব বুলি আশা প্ৰকাশ কৰে।
মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি লেখক-সাংবাদিক মুৰুলী বৰুৱাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জাতি ,বৰ্ণ, ধৰ্ম আৰু ভাষাৰ উৰ্দ্ধত থকি এখন বিশাল অসমীয়া সমাজ গঢ়াৰ সপোন দেখিছিল বুলি উল্লেখ কৰি লগতে কয় যে অসমত বসবাস কৰা সকলো লোকৰে প্ৰথম পৰিচয় অসমীয়া হব লাগে ।
হিন্দু মুছলমান যি ধৰ্মৰে লোক নহওঁক কিয় আমাৰ আত্মপৰিচয় অসমীয়া হোৱাটো বাঞ্চনীয় । তেতিয়াহে আমি এখন শক্তিশালী অসমীয়া সমাজ গঢ়িব পৰিম বুলি বৰুৱাই মন্তব্য কৰে । মুকলি সভাত ইছলামপট্টি মছজিদৰ সম্পাদক আমিৰ হুছেইন, সমাজকৰ্মী শ্বহিদুল ইছলাম আৰু ড° জিয়াউল হক সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ।
ব’হাগী উৎসৱ উদযাপন সমিতিৰ সভাপতি মতিউৰ ৰহমানে আঁত ধৰা মুকলি সভাৰ পাচতেই স্থানীয় শিল্পীৰ লগতে অতিথি কণ্ঠ শিল্পী নিভাৰাণী বৰুৱাৰ অংশগ্ৰহণেৰে এখনি বৰ্ণিল সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয় । অনুষ্ঠানটি পৰিচালনা কৰে উদযাপন সমিতিৰ সম্পাদক হদিউল ইছলাম আৰু আলম হুছেইনে ।