শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বয়স কেতিয়াও হেঙাৰ হ’ব নোৱাৰে। পঢ়াৰ প্ৰতি দুৰ্বাৰ হেঁপাহ থাকিলে বয়সে কেতিয়াও কোনো লোকক শিক্ষা গ্ৰহণত বাধা দি ৰাখিব নোৱাৰে। এই কথাকেই যেন প্ৰমাণ কৰি দেখুৱালে নগাঁৱৰ এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়াই।
নগাঁও চহৰৰ ডিমৰুগুৰিৰ দেৱনাথ বৰদলৈ নামৰ এইগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়াই ৭০ বছৰ বয়সত লাভ কৰিলে শিক্ষাবিষয়ত স্নাতকোত্তৰ ডিগ্ৰী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ আইডলৰ সদ্য ঘোষিত ফলাফলত অৱসৰপ্ৰাপ্ত সেনা বিষয়া বৰদলৈয়ে শিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । উল্লেখ্য যে সেনাবিভাগত কৰ্মৰত হৈ থকা সময়ত দেৱনাথ বৰদলৈয়ে ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
অধ্যয়নৰ প্ৰতি দুৰ্বাৰ হেঁপাহ থকা দেৱনাথ বৰদলৈয়ে সেনা বিভাগত কৰ্মৰত হৈ থাকোতে কেইবাবাৰো প্ৰ-পত্ৰ পূৰণ কৰিও পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বিফল হয়। তথাপিও হাৰ মনা নাছিল সেনা বাহিনীৰ বিষয়াগৰাকীয়ে ।
সেনা বাহিনীত কৰ্মৰত হৈ থকাৰ মাজতে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰা দেৱনাথ বৰদলৈয়ে জীৱনৰ অন্তিম মুহুৰ্তলৈকে পঢ়িব বিচাৰে বুলি জনায় । ইংৰাজী বিষয়ৰ পাচত দেৱনাথ বৰদলৈয়ে ৭০ বছৰ বয়সত শিক্ষা বিষয়ত এম এ পাছ কৰাৰ খবৰে তেওঁৰ পৰিয়ালৰ সদস্য সকলৰ লগতে ডিমৰুগুৰি অঞ্চলৰ লোকক আনন্দিত কৰি তুলিছে ।
উল্লেখ্য যে, সেনা বাহিনীৰ পৰা অৱসৰ লৈ শিক্ষকতা বৃত্তিৰে সমাজৰ সেৱা আগবঢ়োৱা দেৱনাথ বৰদলৈয়ে শুৱালকুছিৰ এখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদতো নিয়োজিত হৈছিল। উক্ত বিদ্যালয় খনৰ পৰাই ২০০৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪জনকৈ ছাত্ৰই স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।