ডিমা হাচাও জিলাত বিগত প্ৰায় এসপ্তাহ ধৰি প্ৰকৃতিৰ সংহাৰৰ ফলত সৃষ্টি হোৱা সংকট আজিও অব্যাহত আছে। আজি পুৱাৰে পৰা অব্যাহত থকা মূষলধাৰ বৰষুণৰ ফলত ইতিমধ্যে সীমাহীন ক্ষয়-ক্ষতিৰ সম্মুখীন হৈ আক্ৰান্ত হোৱা লোকসকলৰ বিড়ম্বনা অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য, যে কালি পুৱাৰ ভাগতে জিলাখনৰ সদৰ চহৰ হাফলঙ সমীপৰ হুকাইপুঞ্চীত ভূমিস্খলনৰ ফলত একেটা পৰিয়ালৰ তিনিজনকৈ লোকক জীৱন্তে সমাধিস্থ হোৱাৰ পিছত কালি কোনোমতে এজনৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা যায় যদিও বাকী দুটাকৈ মৃতদেহ আজি বিয়লিপৰ্যন্ত উদ্বাৰ কৰিব পৰা হোৱা নাই বুলি জানিব পৰা গৈছে।
বিশেষকৈ বতৰৰ প্ৰতিকূলতাৰ বাবে বাকী মৃতদেহকেইটা উদ্বাৰৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। বিৰতিহীনভাৱে আজি সমগ্ৰ দিনজুৰি জিলাখনত অব্যাহত থকা বৰষুণৰ বাবে উদ্বাৰ অভিযান ব্যাহত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ মাজতে উত্তৰ কাছাৰৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গোৰ্লোছা’ হুকাইপুঞ্চীত উপস্থিত হৈ ভূমিস্খলনত কালি একেটা পৰিয়ালৰ তিনিজনকৈ লোকে শোকাৱহভাৱে মৃত্যুক সাৱটি লোৱা ঘটনাৰ বুজ লোৱাৰ লগতে এলেকাটোৰ পৰিস্থিতিৰ বুজ লয়।
আজি জিলাখনত বিশেষ কোনো নতুনকৈ ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা নাই যদিও হাফলঙৰ সমীপৱৰ্তী মালহুই এলেকাৰ গিলগাল গাঁৱত ভূমিস্খলনৰ আতংকই গাঁওবাসীক শংকিত কৰি তোলাৰ বাতৰি পোৱা গৈছে। পাহাৰীয়া এলেকাত থকা গাঁওখনৰ মাটিত আজি ফাঁট মেলা প্ৰত্যক্ষ কৰি গাঁওখনত থকা কমেও ত্ৰিশটাকৈ পৰিয়ালে ভূমিস্খলনৰ আশাংকাত গাঁও এৰি অন্য কোনো নিৰাপদ স্থানলৈ আঁতৰি যোৱা বুলি জানিব পৰা গৈছে।
জিলাখনত শেহতীয়াকৈ প্ৰাকৃতিক দুৰ্যোগৰ ফলত ব্যাপক পৰিমাণৰ ব্যাক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ হানি হোৱাৰ মাজতে জাতিংগা নদীৰ ওপৰত থকা হামধন মোহন হাফলংবাৰ দলংখন বাঢ়নী পানীত বেয়াকৈ ক্ষতিগ্ৰস্থ হোৱাৰ বাতৰি পোৱা গৈছে।
উল্লেখযোগ্য যে, জাতিংগা নৈৰ ওপৰত থকা দলংখনেই হাৰাংগাজাও তথা ইয়াৰ চুবুৰীয়া এলেকাটোক ডিমাহাচাও জিলাৰ অন্য প্ৰান্তৰ সৈতে সংযুক্ত কৰি ৰাখিছিল যদিও দলংখন পানীয়ে উটুৱাই নিলে হাৰাংগাজওৰ বৃহৎ এলেকা, জিলাখনৰ অন্য প্ৰান্তৰ সৈতে সংযোগবিহীন হৈ পৰাৰো আশংকা কৰা হৈছে।
দলংখনৰ ওপৰেৰে ইতিমধ্যে সৰু-বৰ সকলোধৰণৰ যান-বাহনৰ আহ-যাহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। আন এক সূত্ৰই বাঢ়নী পানীয়ে দলংখন উটুৱাই নিয়া বুলি দাবী কৰিছে যদিও এই সন্দৰ্ভত এতিয়ালৈকে কোনো নিশ্চিত তথ্য লাভ কৰিব পৰা হোৱা নাই। বিগত কেইদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়ি অহা পানীয়ে এলেকাটোৰ জাতিংগা নৈৰ পাৰত থকা কিছু সংখ্যক আৱাসগৃহ ক্ষতিগ্ৰস্থ কৰিছে যদিও বৰষুণৰ এই ধাৰা অব্যাহত থাকিলে এলেকাটোত হাৰাংগাজাও চহৰকে ধৰি অধিক লোক আক্ৰান্ত হোৱাটো নিশ্চিত।
ইফালে, শেহতীয়াকৈ অব্যাহত থকা প্ৰাকৃতিক দুৰ্যোগৰ ফলত জিলাখনৰ ৰে’লপথ অতি বেয়া কৈ ক্ষতিগ্ৰস্থ হোৱাৰ বাতৰি পোৱা গৈছে। জিলাখনৰ নিউ হাফলং ষ্টেচনত গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ৰে’লখন আবদ্ধ হৈ পৰাৰ বিপৰীতে ভিটকচেৰাত শিলচৰ-গুৱাহাটী যাত্ৰীবাহী ৰে’লখন আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে।
আদবাটে দুখনকৈ যাত্ৰীবাহী ৰে’ল এইদৰে অনাকাংক্ষিতভাৱে আবদ্ধ হৈ পৰিবলগীয়া হোৱাত যাত্ৰীসকল সীমাহী দুৰ্দশাৰ সন্মুখীন হ’বলগীয়া হৈছে। নিউ হাফলং ষ্টেচনত আবদ্ধ হৈ পৰা যাত্ৰীসকলক আসাম ৰাইফলছৰ তৰফৰ পৰা খাদ্য সামগ্ৰীৰ যোগান ধৰাৰ লগতে হাফলংৰ বিধায়িকা নন্দিতা গাৰ্লোছা আৰু স্থানীয় কেতবোৰ সংগঠন উদ্যোগত আদবাটত আবদ্ধ হৈ পৰা ৰে’ল যাত্ৰীসকলক আহাৰ পানী যোগানৰ ব্যৱস্থা কৰা হৈছে।
আজি স্থানীয় প্ৰশাসনে বাছৰ সহায়েৰে ইয়াৰে একাংশ যাত্ৰীক গুৱাহাটীলৈ নিয়াৰ ব্যৱস্থা কৰিছে। আনহাতে, বাছেৰে যাব নোৱাৰ যাত্ৰীসকলক উদ্বাৰৰ বাবে বায়ুসেনাবাহিনীকো সাজু কৰি ৰখা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে, ভিটকচেৰাৰ পৰা একাংশ ৰে’ল যাত্ৰীয়ে খোজকাঢ়িয়ে শিলচৰৰ অভিমুখে উভতি যাবলৈ লোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, শেহতীয়াকৈ প্ৰাকৃতিক দুৰ্যোগৰ ফলত জিলাখনৰ ৰে’লপথসমূহৰ অৱস্থাত তেনেই তথেবচ হৈ পৰিছে।
বাঢ়নী পানীয়ে ৰে’লপথৰ ভালেখিনি অংশ খহাই-উটুৱাই নিয়াৰ ফলত কোনো কোনো এলেকাত ৰে’লৰ চিৰি ওলমি থকাৰ দৰে পৰিস্থিতিৰ হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, বৃষ্টিপাতৰ তীব্ৰতা হ্ৰাস পালেহে পুনৰ ৰে’ল সমূহৰ মেৰামতিৰ কাম আৰম্ভ কৰিব পৰা যাব্ দুৰ্যোগৰ ফলত ৰে’লপথৰ কিমান ক্ষতিসাধন হৈছে সেয়া এতিয়ালৈকে নিশ্চিত কৰাটো সম্ভৱপৰ হৈ নুঠাৰ বাবে উক্ত পথেৰে ৰে’লৰ চলাচলৰ বাবে ৰে’ল পথচোৱা মেৰামতি কৰি সাজু কৰি তুলিবলৈ সময়ত প্ৰয়োজন হ’ব সেয়া এতিয়া সম্পূৰ্ণৰূপে অনিশ্চয়তাৰ মাজত।
অৱশ্যে উত্তৰ কাছাৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, দেৱলাল গোৰ্লোছা’ই ক্ষতিগ্ৰস্থ এলেকাসমূহৰ ভ্ৰমণ কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে ক্ষয়-ক্ষতিৰ সম্মুখীন হোৱা লোকসকলক সাহস দিয়াৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া প্ৰকৃতিৰ দয়াৰ ওপৰতে জিলাখনৰ দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ ভাল-বেয়া সকলো নিৰ্ভৰ কৰিছে। অতি শীঘ্ৰে জিলাখনত বৰষুণৰ অন্ত নকৰিলে জিলাবাসীয়ে অধিক পৰিমাণে আক্ৰান্ত হোৱাৰ সম্ভাৱনা নোহোৱা নহয়।