চানলিট ষ্টুডিঅ ফিল্ম ক্লাবে আয়োজন কৰা চানলিট চলচ্চিত্ৰ মহোৎসৱৰ বঁটা সমূহ আজি ঘোষণা কৰা হয় । উল্লেখ্য যে উক্ত মহোৎসৱৰ চলচ্চিত্ৰ প্ৰতিযোগিতা শিতানত মুঠ ৩৬ খন চলচ্চিত্ৰই অংশগ্ৰহণ কৰে।
চলচ্চিত্ৰ মহোৎসৱখনৰ জুৰী সদস্যসকল হৈছে ক্ৰমে মণিপুৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা মীনা লংজাম, পুৰস্কাৰ প্ৰাপ্ত চলচ্চিত্ৰ নিৰ্মাতা নগালেণ্ডৰ কিভিনি চোহে আৰু চলচ্চিত্ৰ নিৰ্মাতা আৰু এছ আৰ এফ টি আইৰ প্ৰাক্তন ছাত্ৰী ছিকিমৰ ত্ৰিবেণী ৰায়।আনহাতে চলচ্চিত্ৰ মহোৎসৱত সুপ্ৰিয়া প্ৰসাদৰ “দ্যা প’ৰট্ৰেট অব দা ৱিলো অ’মেন” এ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে ।
মহৰ্ষি কাশ্যপৰ “মোৰ ঘোঁৰাৰ দুৰন্ত গতি” নামৰ ছবিখনে দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে । “কথাবোৰ” ছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে কেশৰজ্যোতি দাসে। মহোৎসৱত “মোৰ ঘোঁৰাৰ দুৰন্ত গতি”ৰ বাবে অভিনেতা অতুল পাচনীয়ে শ্ৰেষ্ঠ অভিনেতা আৰু “মঙহ দহাৰ গোন্ধ”ৰ বাবে অভিনেত্ৰী প্ৰণামী বৰাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।
আনহাতে জুৰীৰ বিশেষ বঁটা লাভ কৰে ত্ৰিদিশা গোস্বামীৰ “আশ্বাবাম” আৰু চন্দন কুমাৰৰ “অৰাজনৈতিক” শীৰ্ষক ছবিয়ে। মহোৎসৱৰ অধ্যক্ষ অৰূপ মান্নাই চলচ্চিত্ৰ মহোৎসৱখনৰ সন্দৰ্ভত কয় যে এই উৎসৱ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এক বৃহৎ মঞ্চস্বৰূপ ।
বিশেষকৈ অসমৰ পৰিপ্ৰেক্ষিতত। মহোৎসৱৰ পৰিচালক খঞ্জন কিশোৰ নাথে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকল আৰু অধিক সাফল্যৰ শীৰ্ষলৈ যোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে। মহোৎসৱৰ কলা পৰিচালক সুৰজ দুৱৰাই চানলিট ষ্টুডিঅ’ ফিল্ম ক্লাবে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলক উৎসাহ যোগোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু ভৱিষ্যতেও এই ভূমিকা নিশ্চয় অব্যাহত থাকিব বুলি মত প্ৰকাশ কৰে ।
চানলিট ষ্টুডিঅ’ ফিল্ম ক্লাবৰ প্ৰতিষ্ঠাপক বিশিষ্ট তথ্য চিত্ৰ নিৰ্মাতা তথা পৰিচালক পাৰ্থজিৎ বৰুৱাই চলচ্চিত্ৰ মহোৎসৱখন সফল কৰি তোলাৰ বাবে জুৰীৰ সদস্য সকলৰ লগতে আয়োজক মণ্ডলীৰ সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে এই চলচ্চিত্ৰ মহোৎসৱ গুগল মিটৰ জৰিয়তে আয়োজন কৰা হয়।